
আইফোন চুৰি কৰি পাছৱৰ্ড বিচাৰি গৰাকীলৈ মেছেজ খোদ চোৰৰ! আৰক্ষীৰ ভূমিকাক লৈ ডেৰাডুনত ক্ষোভ
ডেৰাডুনঃ আজৱ দেশৰ গজৱ কথা! চুৰি কৰি নিয়া ফোনৰ পাছৱৰ্ড বিচাৰি ফোনৰ গৰাকীকে মেছেজ কৰিলে চোৰে। এই আজৱ কাণ্ড সংঘটিত হৈছে উত্তৰাখণ্ডৰ ডেৰাডুনত। আইফোন চুৰিৰ এই ঘটনা (আইফোন চুৰি) আৰু পৰৱৰ্তী বাৰ্তাক লৈ চৰ্চা চলিছে।

ঘটনাৰ বিৱৰণী অনুসৰি, যোৱা ১২ ছেপ্টেম্বৰত ক্লেমেণ্ট টাউন অঞ্চলৰ এটা ফ্লেটৰ পৰা কৌশিকী ধ্যানী নামৰ এগৰাকী যুৱতীৰ আইফোন চুৰি হয়। একেটা দিনতে সেই ভৱনটো আৰু সমীপৰ পেয়িং গেষ্ট তথা ছাত্ৰাৱাসসমূহৰ পৰা কৌশিকীৰ বন্ধুৰ ভাতৃ সক্ষম নেগীৰ ম’বাইলসহ কেইবাটাও লেপটপ আৰু মেকবুক চুৰি হয়। পুৱা প্ৰায় ৪ বজাৰ পৰা ৮ বজাৰ ভিতৰত সংঘটিত হয় এই চুৰি কাণ্ড।
চাঞ্চল্যকৰ বিষয়টো হ’ল, চুৰি হোৱা আইফোনটোত যোগাযোগৰ নম্বৰটো স্পষ্ট হৈ থকাৰ সুযোগ লৈ চোৰটোৱে কৌশিকীলৈ পোনপটীয়াকৈ বাৰ্তা প্ৰেৰণ কৰে বুলি যুৱতীগৰাকীয়ে অভিযোগ কৰিছে। হোৱাটছএপ আৰু এছএমএছৰ জৰিয়তে ফোনটোৰ লক খুলিবলৈ পাছৱৰ্ড দাবী কৰাৰ ঘটনাই যুৱতীগৰাকীক হতবাক কৰি তোলে।
ইফালে, ঘটনাৰ পিছতেই ভুক্তভোগীসকলে আৰক্ষীৰ কাষ চাপিছিল যদিও আৰক্ষী বিষয়াৰ পৰা কোনো সঁহাৰি নাপালে বুলি অভিযোগ কৰিছে। থানাত কোনো বিষয়া উপস্থিত নথকাৰ অজুহাত দেখুৱাই অভিযোগপত্ৰ গ্ৰহণ নকৰাকৈয়ে তেওঁলোকক ওভতাই পঠোৱা বুলি কৌশিকীয়ে সামাজিক মাধ্যমত মুকলিকৈ অভিযোগ তোলে।
অঞ্চলটোত ধাৰাবাহিকভাৱে ১৬টাকৈ চুৰি কাণ্ড সংঘটিত হোৱাৰ পিছতো আৰক্ষীৰ উদাসীনতাই অপৰাধীৰ মনোবল বৃদ্ধি কৰা বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে। আইফোন চুৰিৰ ঘটনা (আইফোন চুৰি) পোহৰলৈ অহাৰ পিছত আৰক্ষীৰ ভূমিকাক লৈ অসন্তুষ্টি প্ৰকাশ পাইছে।
আনহাতে, আৰক্ষীয়ে বিষয়টো গুৰুত্বসহকাৰে লোৱা নাই বুলি উত্থাপিত অভিযোগ অস্বীকাৰ কৰিছে নগৰ আৰক্ষী অধীক্ষক শেখৰ চুয়ালে। চাৰ্কল অফিচাৰৰ নেতৃত্বত সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত আছে বুলি আৰক্ষীয়ে দাবী কৰিছে যদিও প্ৰতিবেদন অনুসৰি এতিয়ালৈকে কোনো চোৰক কৰায়ত্ত কৰিব পৰা নাই।





