অসমীয়াআন্তঃৰাষ্ট্ৰীয়

বেংককত হাতত পুতলা পিষ্টল লৈ ভাৰতীয় নাগৰিকে কৰিলে এই কাম, নিমিষতে বিয়পি পৰিল আতংক

নিউজ ডেস্কঃ থাইলেণ্ডৰ ৰাজধানী বেংককৰ ছিয়াম স্কোৱাৰ শ্বপিং এলেকাত এজন ভাৰতীয় নাগৰিকৰ কাণ্ডই সৃষ্টি কৰে তীব্ৰ আতংকৰ। যাৰ বাবে আৰক্ষীয়ে লোকজনক গ্ৰেপ্তাৰ কৰিবলৈ বাধ্য হৈ পৰে। দৰাচলতে এই ভাৰতীয় নাগৰিকজনে হাতত এটা পুতলা পিষ্টল লৈ ছিয়াম স্কোৱাৰ শ্বপিং এলেকাত পথচাৰীক ভয় প্ৰদৰ্শন কৰিছিল। পিছত আৰক্ষীয়ে লোক জনক গ্ৰেপ্তাৰৰ পিছত নিশ্চিত হয় যে তেওঁৰ হাতত থকা সামগ্ৰীটো আচলতে এটা পিষ্টল আকৃতিৰ চিগাৰেট লাইটাৰহে।

বেংকক পোষ্টৰ এক প্ৰতিবেদন অনুসৰি সোমবাৰে স্থানীয় সময় অনুসৰি বিয়লি প্ৰায় ৪ বজাত ছিয়াম স্কোৱাৰ এলেকাৰ পাথুম ৱান জিলাৰ ন’ভ’টেল বেংকক হোটেলৰ বাহিৰত সংঘটিত হয় এই ঘটনা। ঘটনাস্থলীত উপস্থিত হোৱাৰ লগে লগে আৰক্ষী বিষয়াসকলে ছাহিল ৰাম থাডানী (৪১) নামৰ লোকজনে অস্বাভাৱিক আচৰণ কৰি পথচাৰীক দেখুৱাই লাইটাৰটো জোকাৰি থকা প্ৰত্যক্ষ কৰে। স্থানীয় সংবাদ মাধ্যমত শ্বেয়াৰ কৰা এটা ভিডিঅ’ত দেখা গৈছে যে থাডানীয়ে জোৰেৰে চিঞৰি ঘূৰি ফুৰিছে আৰু পিষ্টল আকৃতিৰ বস্তুটো সাধাৰণ জনতাৰ ফালে টোঁৱাই আছে। তেওঁৰ এই কাৰ্যই অঞ্চলটোত আতংকৰ সৃষ্টি কৰে।

ইফালে, নিৰাপত্তাৰক্ষী আৰু আৰক্ষীয়ে থাডানীক বাধা দিবলৈ চেষ্টা কৰে যদিও তেওঁ নিৰ্দেশক আওকাণ কৰি ভাবুকি দি থাকিল। বেংকক পোষ্টৰ বাতৰি অনুসৰি পিছত বিষয়াসকলে নিশ্চিত কৰে যে তেওঁৰ হাতত থকা বস্তুটো আছিল আগ্নেয়াস্ত্ৰৰ দৰে দেখা চিগাৰেট লাইটাৰ। ভিডিঅ’টোৰ দ্বিতীয়াৰ্ধত থাদানীক মাটিত বহি থকা দেখা গৈছে আৰু নিৰাপত্তাৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ অহাত থিয় হ’বলৈ অস্বীকাৰ কৰে। ইয়াৰ পিছতে তেওঁক টানি লৈ যায় নিৰাপত্তাৰক্ষীয়ে। গ্ৰেপ্তাৰৰ সময়ত তেওঁক কান্দি থকা আৰু আৰক্ষীৰ সহায় বিচৰা শুনা যায়।

আৰক্ষীয়ে সন্দেহ কৰা মতে, ব্যক্তিজন গাঞ্জা সেৱন কৰাৰ ফলত সন্তুলন হেৰুৱাই এনে কাণ্ড সংঘটিত কৰিছিল। আৰক্ষীৰ খবৰ অনুসৰি থাডানীয়ে পূৰ্বে ভাৰতৰ তিনিটা কোম্পানীৰ সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

#Toy pistol #Bengkok #Thiland

Leave a Reply

Your email address will not be published. Required fields are marked *