নিউজ ডেস্কঃ শিক্ষক নিযুক্তি পৰীক্ষা দি উভতি অহাৰ সময়তে পথ দুৰ্ঘটনাত স্বামীসহ প্ৰাণ হেৰুৱাবলগীয়া হ’ল এগৰাকী মহিলাই।
এই মৰ্মান্তিক ঘটনা সংঘটিত হৈছে হাৰিয়ানাৰ পানীপটৰ দাদোলা বাইপাছত।
দম্পতীহালৰ কৰুণ মৃত্যুৱে শোকস্তব্ধ কৰিছে পৰিয়ালৰ লগতে গাঁওবাসীক।
জানিব পৰা মতে, দাদোলাৰ নিৱাসী অংকুশ (২৬)ৰ পত্নী হাৰিয়ানা টেট পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছিল।
দেওবাৰে অনুষ্ঠিত হোৱা টেট পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পিছত পত্নী দীপাক লৈ বাইকেৰে পৰীক্ষা কেন্দ্ৰৰ পৰা ঘৰলৈ ওভতাৰ পথতে দম্পতীহালক চুপাৰি ভৰ্তি এখন ট্ৰেকৰ ট্ৰেইলাৰে খুন্দা মাৰে।
এই দুৰ্ঘটনাত অংকুশ আৰু দীপাৰ ঘটনাস্থলীতে মৃত্যু ঘটে।
ইফালে দুৰ্ঘটনা সংঘটিত কৰিয়েই ঘটনাস্থলীৰ পৰা পলায়ন কৰে ট্ৰেক্টৰ চালকজনে।
জানিব পৰা মতে, বিদ্যুৎ নিগমত কৰ্মৰত অংকুশে তেওঁৰ পত্নী দীপাৰ শিক্ষয়িত্ৰী হোৱাৰ সপোন পূৰণ কৰিবলৈ সৰ্বোতপ্ৰকাৰে সহায় কৰি আহিছিল।
এটি ডেৰ বছৰীয়া কন্যা সন্তানৰ পিতৃ-মাতৃ দম্পতীহালৰ এনে আকস্মিক মৃত্যুৱে শোকস্তব্ধ কৰিছে পৰিয়ালটোক।









