আৰক্ষীৰ জালত অসম ৰাইফলচৰ ভুৱা উচ্চ পদস্থ বিষয়া, ভুৱা পৰিচয় দি কৰি আহিছিল কোটি কোটি টকা লুন্ঠন…

আৰক্ষীৰ জালত অসম ৰাইফলচৰ ভুৱা উচ্চ পদস্থ বিষয়া।

দীৰ্ঘদিনে ভুৱা পৰিচয় দি কৰি আহিছিল কোটি কোটি টকা লুন্ঠন।

নিজকে অসম ৰাইফলচৰ উচ্চ পদস্থ বিষয়া বুলি পৰিচয় দি অহা লম্পট লোকজন ৰূপম মজুমদাৰ বুলি জানিব পৰা গৈছে।

অসম আৰক্ষী তথা অসম চৰকাৰক বুঢ়া আঙুলি দেখুৱাই ২০২০ বৰ্ষৰ পৰাই লুণ্ঠন চলাই আহিছে ৰূপম মজুমদাৰ নামৰ লোকজনে।

নিজৰ ভুৱা পৰিচয় দি বিভিন্ন ব্যৱসায়ৰ পৰা লুণ্ঠন কৰি আহিছিল কোটি কোটি টকা।

অৱশেষত লামডিং আৰক্ষীৰ জালত পৰিল ভুৱা অসম ৰাইফলচৰ উচ্চ পদস্থ বিষয়া ৰূপম মজুমদাৰ।

লামডিং আৰক্ষীয়ে এক গোচৰৰ ভিত্তিত অভিযুক্ত ভুৱা অসম ৰাইফলচৰ বিষয়াজনক যোৰহাটৰ পৰা আটক কৰে।

জানিব পৰামতে, লকডাউনৰ সময়ৰ পৰাই লামডিঙৰ বিভিন্ন ব্যৱসায়ীৰ পৰা বহু সামগ্ৰী সংগ্ৰহ কৰি অসম ৰাইফলচৰ কাৰ্যালয়লৈ পথাব বুলি কোৱাৰ উপৰিও বিভিন্ন দুৰ্নীতি কৰাৰো অভিযোগ উত্থাপন হৈছে ৰূপম মজুমদাৰৰ বিৰুদ্ধে।

আৰক্ষীয়ে সদৰী কৰামতে, ভুৱা অসম ৰাইফলচৰ বিষয়া ৰূপম মজুমদাৰে কৰা সকলো দুৰ্নীতি সত্য বুলি প্ৰমাণিত হৈছে।

ইতিমধ্যে অভিযুক্ত অসম ৰাইফলচৰ বিষয়া ৰূপম মজুমদাৰক আটক কৰি ন্যায়ালয়লৈ প্ৰেৰণ কৰা হৈছে।