নিউজ ডেস্কঃ নভৱাকৈয়ে এটা সপোন পূৰণ হ’ল হৃদম ঠাকুৰীয়াৰ।
আজি আকস্মিকভাৱে ঘোষণা কৰা হয় হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। ৰাজ্যজুৰি উত্তীৰ্ণ হাৰ ৭২.৬৯ শতাংশ।
ছাত্ৰ-ছাত্ৰীক ছাৰপ্ৰাইজ দি ঘোষণা কৰা পৰীক্ষাৰ ফলাফলে হাঁহি বিৰিঙালে অনেকৰ মুখত, বহুতকে আকৌ হতাশো কৰিলে।
কিন্তু মেট্ৰিকত শীৰ্ষস্থান দখল কৰি ৰাজ্যৰ ভিতৰতে সুনাম অৰ্জন কৰা ঢেকীয়াজুলীৰ হৃদম ঠাকুৰীয়াৰ মুখত এই ফলাফলে সিঁচি দিলে এটি নভৱা সপোনৰ ৰং।
পৰীক্ষাৰ ফলাফল লাভৰ পিছত উৎফুল্লিত হৈ সংবাদ মাধ্যমক এই কথা জনালে হৃদমে।
ঢেকীয়াজুলিৰ শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰ হৃদম ঠাকুৰীয়া।
তেওঁ প্ৰকাশ কৰা মতে, পৰীক্ষাত শীৰ্ষ দহৰ ভিতৰত তেওঁ এটা স্থান লাভ কৰিব বুলি আশা কৰিছিল যদিও শীৰ্ষস্থান দখল কৰাটো তেওঁৰ বাবে এটা সপোনেই আছিল।
সেয়ে কোচিং ক্লাছ কৰি থকাৰ সময়তে হঠাৎ এই ফলাফল লাভ কৰি আনন্দত বাকহীন হৈ পৰে ছাত্ৰজন।
হৃদমে কয়- ‘মোৰ নিৰ্দিষ্ট পঢ়াৰ সময় নাছিল। বহুতে বহু কিবাকিবি কৰি ভাল পায়। মই পঢ়ি ভালপাও। সেয়ে যেতিয়াই তেতিয়াই পঢ়িছিলো। স্কুলৰ কিতাপখনকে ১০ বাৰ মানকৈ লুটিয়াই বাগৰাই পঢ়িছিলো। আৰু তাৰ পৰিণাম আজি লাভ কৰিছো।’
হৃদমে স্পষ্ট ভাষাৰে কয় যে ছাত্ৰ-ছাত্ৰীসকলে যি কৰি ভাল পায় সেয়া কৰিব লাগে। লাগিলে তাৰ বাবে অভিভাৱকো সৈমান কৰা উচিত।