মাইলছ টু গ’…! মেট্ৰিকত বিফল হোৱা সকললৈ এই বাৰ্তা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ…

নিউজ ডেস্কঃ ছেবাই আজি আকস্মিকভাৱে ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলে কাৰোবাক যদি দি গ’ল হাঁহি, আন কাৰোবাক আকৌ দি গ’ল কান্দোন।

কোনোৱে যদি এক বা দুই নম্বৰৰ বাবে স্থান লাভৰ পৰা বঞ্চিত হৈ হতাশাত ভাগি পৰিল, আন কোনোৱে আকৌ গোটেই বছৰটো পঢ়িও সফলতা অৰ্জন কৰিব নোৱাৰি দুৰ্ভাগ্যক ধিয়ালে।

কিন্তু পৰীক্ষাৰ অৰ্থই যে সফলতা আৰু বিফলতা। আৰু বিফল হোৱাৰ অৰ্থই জানো শেষ হৈ যোৱা বুজায়?

সেয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰীক্ষাত সফলতা লাভ কৰা সকলক অভিনন্দন জনাই বিফল হোৱা সকলৰ বাবেও লিখি দুআষাৰ।

টুইটাৰত বিফল পৰীক্ষাৰ্থীসকলক ভাগি নপৰিবলৈ আহ্বান জনাই মুখ্যমন্ত্ৰীয়ে লিখিছে- এটা পৰীক্ষাই আপোনাৰ কেৰিয়াৰ বনাব বা ভাঙিব নোৱাৰে।

টুইটত আকৌ তেওঁ লিখিছে- সফলতা হৈছে অধ্যৱসায় আৰু কঠোৰ পৰিশ্ৰমৰ ফল। তোমাৰ ফলাফলক আৰম্ভণি হিচাপে চোৱা, শেষ হিচাপে নহয়। তুমি এতিয়াও মাইলৰ পিছত মাইল যাবলৈ আছে, এয়া মাথো সন্মুখলৈ বুলি এটা সৰু খোজ হে।