অসম

‘লাও খা, বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা’, আজি অসমীয়া চহা জীৱনৰ অন্যতম উৎসৱ গৰু বিহু…

‘লাও খা, বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা’

আজি অসমীয়া চহা জীৱনৰ অন্যতম উৎসৱ গৰু বিহু।

সাতমপুৰুষীয়া ৰীতি নীতি মানি লাও, বেঙেনা, হালধিৰে গৰুক গা ধুৱাবলৈ ব্যস্ত হৈ পৰিছে ৰাজ্যবাসী।

Image

মাহ হালধিৰে নুৱাই-ধুৱাই চাতৰ লাও-বেঙেনা গৰুলৈ আগবঢ়াই দি গোধনৰ শ্ৰীবৃদ্ধি কামনাৰে গাইছে – লাও খা, বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা। মাৰ সৰু, বাপেৰ সৰু, তই হবি বৰ বৰ গৰু।

আজিৰ দিনটোত গৰুক নোৱাই ধোৱাই শ্ৰীবৃদ্ধি কামনা কৰাৰ পিছত কাইলৈ প্ৰতিগৰাকী অসমীয়াই পালন কৰিব মানুহৰ বিহু।

Image

উল্লেখ্য যে, কৃষি প্ৰধান অসমৰ চহা জীৱনত গৰু অপৰিহাৰ্য।

উজনিৰ পৰা নামনিলৈ এক উখল-মাখল পৰিৱেশ।

ক’ভিড পৰিস্থিতি নিয়ন্ত্ৰণলৈ অহাৰ পিছত প্ৰায় দুটা বছৰৰ অন্তত এইবাৰ অতি উলহ মালহেৰে প্ৰতিগৰাকী অসমীয়াই উদযাপন কৰিছে হেঁপাহৰ ৰঙালী বিহু।

আমাৰ Telegram চেনেলৰ Link: Telegram Channel

Leave a Reply

Your email address will not be published. Required fields are marked *