দুঃখবৰ! অসমৰ প্ৰাক্তন ৰাজ্যপাল লেফটেনেন্ট জেনেৰেল অজয় সিঙৰ দেহাৱসান…

নিউজ ডেস্কঃ অসমৰ প্ৰাক্তন ৰাজ্যপাল তথা প্ৰাক্তন সেনা বিষয়া লেফটেনেন্ট জেনেৰেল অজয় সিঙৰ দেহাৱসান।

বয়সজনিত শাৰীৰিক সমস্যাত ভুগি থাকি শেষ নিশ্বাস ত্যাগ প্ৰাক্তন ৰাজ্যপাল সিঙৰ।

উল্লেখ্য যে, ২০০৩ চনত অজয় সিঙে অসমৰ ৰাজ্যপাল হিচাপে নিযুক্তি লাভ কৰি ২০০৮ চনলৈ কাৰ্যনিৰ্বাহ কৰিছিল।

অসমৰ উপৰিও তেওঁ জম্মু-কাশ্মীৰৰো ৰাজ্যপাল হিচাপে নিযুক্ত হৈছিল।

ইফালে অসমৰ ৰাজ্যপাল হিচাপে নিযুক্ত হোৱাৰ পূৰ্বে তেওঁ সেনাৰ চতুৰ্থ কৰ্পছৰ জেনেৰেল অফিচাৰ কমাণ্ডিং ইন চীফ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

১৯৬৫ আৰু ১৯৭১ চনৰ ভাৰত-পাক যুদ্ধত ভাগ লৈছিল লেফটেনেন্ট জেনেৰেল অজয় সিঙে।

প্ৰাক্তন ৰাজ্যপালগৰাকীৰ বিয়োগত গভীৰ শোক ব্যক্ত কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে।