নিউজ ডেস্কঃ সমাগত কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ পূৰ্বে কৰ্ণাটক কংগ্ৰেছৰ এগৰাকী নেতাৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী অংকিতা দত্তৰ।
কংগ্ৰেছত লিংগ বৈষম্যৰ বলি হোৱাৰ অভিযোগ তুলি মুকলি বিসম্বাদ কংগ্ৰেছ নেত্ৰীগৰাকীৰ।
যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষ তথা কৰ্ণাটক কংগ্ৰেছৰ জ্যেষ্ঠ নেতা শ্ৰীনিৱাস বিভিৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ তোলে অংকিতা দত্তই।
I have kept quiet for months waiting for them to take action against him yet no one seem interested. @srinivasiyc in the guise of his PR is getting away with all kind of wrong doings
— Dr Angkita Dutta (@angkitadutta) April 18, 2023
একেৰাহে কেইবাটাও টুইট কৰি অভিযোগ তোলাৰ লগতে কংগ্ৰেছ নেতৃত্বৰ বিৰুদ্ধেও ক্ষোভ জাহিৰ কৰিলে অংকিতাই।
মহিলা হোৱাৰ বাবেই যুৱ কংগ্ৰেছৰ অধ্যক্ষ শ্ৰীনিৱাস বিভিয়ে অংকিতা দত্তক নিৰ্যাতন চলোৱাৰ অভিযোগ তুলিছে অসমৰ কংগ্ৰেছ নেত্ৰীগৰাকীয়ে।
এগৰাকী যৌনাচাৰী আৰু শোষণকাৰীয়ে কিদৰে কংগ্ৰেছক নেতৃত্ব দিব পাৰে বুলিও প্ৰশ্ন তোলে অংকিতা দত্তই।
তেওঁ অভিযোগ কৰা মতে, শ্ৰীনিৱাস বিভিৰ বিৰুদ্ধে তেওঁ ৰাহুল গান্ধীক ভাৰত জোড়ো যাত্ৰাৰ সময়তে অভিযোগ কৰিছিল যদিও আজি পৰ্যন্ত কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে কংগ্ৰেছ নেতৃত্বই।
How can a sexist and chauvinistic lead @IYC torture and demean a woman every single time. What happened to @priyankagandhi ladki hoon ladk Shakti hoon https://t.co/opLpmcLLbh
— Dr Angkita Dutta (@angkitadutta) April 18, 2023
নাৰীৰ লগত ভেদভাৱ কৰা কংগ্ৰেছৰ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে কিদৰে ‘লড়কী হু, লড় চকতী হু’ বুলি ক’ব পাৰে বুলিও মুকলি প্ৰশ্ন অংকিতা দত্তৰ।
উল্লেখ্য যে, অহা ১০ মে’ত অনুষ্ঠিত হ’ব কৰ্ণাটক বিধানসভা নিৰ্বাচন।
ৰাজ্যখনৰ নিৰ্বাচনক লৈ কংগ্ৰেছে জোৰদাৰ নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰখাৰ সময়তে কৰ্ণাটক কংগ্ৰেছৰ নেতা তথা যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষৰ বিৰুদ্ধে অংকিতা দত্তই উত্থাপন কৰা গুৰুতৰ অভিযোগে এতিয়া ৰাজনৈতিক মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।