দৈনিক ৰাশিফলঃ ১০ ফেব্ৰুৱাৰী, মঙলবাৰ
মেষ ৰাশি- আপুনি কাইলৈ কোনো নতুন আৰ্থিক যোজনাৰ পৰা লাভান্বিত হোৱাৰ পূৰ্ণ সম্ভাৱনা থাকিব। কৰ্মক্ষেত্ৰত উৰ্ধতন বিষয়াৰ পৰা প্ৰশংসা লাভ কৰিব আৰু নতুন কোনো গুৰুত্বপূৰ্ণ দায়িত্ব লাভ কৰিব পাৰে। পাৰিবাৰিক জীৱনত কোনো পুৰণি সমস্যাৰ সমাধান হ’ব আৰু ঘৰত শান্তি বজায় থাকিব। অৱশ্যে অতিৰিক্ত কামৰ বোজাৰ বাবে মানসিক ক্লান্তি অনুভৱ কৰিব পাৰে।
বৃষ ৰাশি- দিনটোত আপুনি কোনো ধৰণৰ অপ্ৰত্যাশিত খৰচৰ মুখামুখি হ’ব পাৰে, সেয়ে হাত টান কৰাটো উচিত হ’ব। ব্যৱসায়ৰ ক্ষেত্ৰত নতুন কোনো সুযোগ আহিব যিয়ে ভৱিষ্যতে লাভান্বিত কৰিব। প্ৰেমিক-প্ৰেমিকাসকলৰ বাবে দিনটো বিশেষভাৱে মধুৰ হ’ব। শিক্ষাৰ্থীসকলে প্ৰতিযোগিতামূলক পৰীক্ষাত সুফল লাভ কৰিবলৈ সক্ষম হ’ব।
মিথুন ৰাশি- আপোনাৰ বাবে দিনটো যথেষ্ট উৎসাহজনক হ’ব আৰু কোনো নতুন কাম আৰম্ভ কৰাৰ বাবে শুভ বুলি বিবেচিত হ’ব। সামাজিক মৰ্যাদা বৃদ্ধি পোৱাৰ লগতে কোনো সামাজিক অনুষ্ঠানত নেতৃত্ব দিবলগীয়া হ’ব পাৰে। পুৰণি বন্ধুৰ সৈতে হোৱা সাক্ষাতে আপোনাক আনন্দিত কৰিব। স্বাস্থ্যৰ প্ৰতি অধিক যত্ন ল’ব লাগিব, বিশেষকৈ খাদ্য গ্ৰহণত সতৰ্ক হ’ব।
কৰ্কট ৰাশি- আজি আপুনি কোনো আৱেগিক সিদ্ধান্ত লোৱাৰ পৰা বিৰত থকাটোৱে শ্ৰেয় হ’ব। কৰ্মস্থলীত সহকৰ্মীৰ সৈতে বিবাদ হোৱাৰ সম্ভাৱনা আছে, গতিকে ধৈৰ্য্য ধৰিব। ভ্ৰমণৰ পৰিকল্পনা কৰিলে সাৱধানতা অৱলম্বন কৰিব, কিয়নো সামগ্ৰী হেৰুৱাৰ ভয় থাকিব। ধৰ্মীয় কাম-কাজৰ প্ৰতি আপোনাৰ ধাউতি বৃদ্ধি পাব আৰু মানসিক শান্তি লাভ কৰিব।
সিংহ ৰাশি- আপোনাৰ ব্যক্তিত্বই আনক আকৰ্ষিত কৰিব আৰু কোনো নতুন কৰ্মসংস্থাপনৰ বাবে কৰা প্ৰচেষ্টা সফল হ’ব। আৰ্থিক বিনিয়োগৰ পৰা আশা কৰা ধৰণে লাভান্বিত হোৱাৰ যোগ আছে। পৰিয়ালৰ সদস্যৰ সৈতে সুসম্পৰ্ক বৰ্তি থাকিব আৰু কোনো বিয়া-বাৰুৰ কথা আগবাঢ়িব পাৰে। সন্ধিয়া সময়ত পৰিয়ালৰ সৈতে আমোদ-প্ৰমোদত ব্যস্ত থাকিব।
কন্যা ৰাশি- দিনটোত আপুনি কোনো ধৰণৰ বিবাদত লিপ্ত নহ’ব আৰু কথা কওঁতে যথেষ্ট সংযম ৰক্ষা কৰিব। ব্যৱসায়িক লেনদেনত স্বচ্ছতা বজায় ৰাখিব, অন্যথা ভৱিষ্যতে জটিলতাৰ সৃষ্টি হ’ব পাৰে। পৈত্রিক সম্পত্তিৰ পৰা লাভান্বিত হোৱাৰ সম্ভাৱনা আছে। শিক্ষার্থীসকলে পঢ়া-শুনাত অধিক একাগ্ৰতা দেখুৱাব লাগিব।
তুলা ৰাশি- আপোনাৰ বাবে দিনটো অত্যন্ত আনন্দদায়ক হ’ব আৰু কোনো বিশেষ কামত সফলতা লাভ কৰিব। দীৰ্ঘদিন ধৰি ৰৈ থকা আৰ্থিক সমস্যাৰ সমাধান হোৱাৰ সম্ভাৱনা আছে। সৃজনীমূলক কামৰ বাবে সমাজত সন্মানিত হ’ব। পুৰণি ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰে। সন্ধিয়া কোনো আত্মীয়ৰ পৰা কোনো ভাল খবৰ লাভ কৰিব।
বৃশ্চিক ৰাশি- কৰ্মক্ষেত্ৰত অতিৰিক্ত সাৱধানতা অৱলম্বন কৰিব লাগিব, কিয়নো শত্ৰুপক্ষই আপোনাৰ ক্ষতি কৰিবলৈ চেষ্টা কৰিব পাৰে। কোনো অচিনাকি ব্যক্তিৰ সৈতে আৰ্থিক লেনদেন নকৰাই ভাল হ’ব। পৰিয়ালৰ জ্যেষ্ঠজনৰ স্বাস্থ্যক লৈ অলপ চিন্তিত হ’ব পাৰে। ধৰ্মীয় স্থান দৰ্শনৰ দ্বাৰা মানসিক প্ৰশান্তি বিচাৰি পাব।
ধনু ৰাশি- আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব আৰু প্ৰতিটো কামত সফলতা লাভ কৰাৰ যোগ দেখা যায়। কোনো নতুন উৎসৰ পৰা ধন আগমন হোৱাৰ বাবে আৰ্থিক স্থিতি মজবুত হ’ব। বিবাহৰ বাবে আগ্ৰহীসকলৰ বাবে কোনো শুভ বাৰ্তা আহিব। নতুন ঘৰ বা বাহন ক্ৰয়ৰ বাবে দিনটো শুভ। স্বাস্থ্যৰ দিশত দিনটো উন্নত থাকিব।
মকৰ ৰাশি- ব্যয় নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিব লাগিব, নহ’লে আৰ্থিক টান অনুভৱ কৰিব পাৰে। গুৰুত্বপূৰ্ণ নথিপত্ৰত চহী কৰোঁতে ভালদৰে পঢ়ি ল’ব। চাকৰিয়ালসকলে কোনো নতুন সুযোগ লাভ কৰিব পাৰে যদিও অধিক পৰিশ্ৰমৰ প্ৰয়োজন হ’ব। বাহন চলোৱাৰ সময়ত ট্ৰাফিক নিয়ম মানি চলিব।
কুম্ভ ৰাশি- দিনটোত আপুনি কোনো ধৰণৰ আধ্যাত্মিক চিন্তাৰ প্ৰতি আকৰ্ষিত হ’ব। কাৰোবাৰ পৰা অপ্ৰত্যাশিতভাৱে উপহাৰ বা ধন লাভ কৰাৰ সম্ভাৱনা আছে। শিক্ষাৰ্থীসকলে নিজৰ লক্ষ্যত উপনীত হ’বলৈ সক্ষম হ’ব। সামাজিক যোগাযোগৰ জৰিয়তে কোনো নতুন কৰ্মসংস্থাপনৰ সন্ধান পাব পাৰে। স্বাস্থ্য উন্নত থাকিব।
মীন ৰাশি- আপোনাৰ বাবে দিনটো যথেষ্ট শুভ বুলি পৰিগণিত হ’ব আৰু কোনো নতুন প্ৰকল্পত কাম আৰম্ভ কৰিব পাৰে। পাৰিবাৰিক জীৱনত সুখ আৰু সমৃদ্ধি বৃদ্ধি পাব। চাকৰিৰ সন্ধানত থকাসকলৰ বাবে কোনো ভাল খবৰ অহাৰ যোগ আছে। কোনো বিশেষ ব্যক্তিৰ পৰা লাভ কৰা পৰামৰ্শই আপোনাৰ জীৱনৰ দিশ সলনি কৰিব পাৰে।









