
দৈনিক ৰাশিফল (Horoscope): ২৬ মাৰ্চ, শনিবাৰ
মেষ ৰাশি- আপোনাৰ বুদ্ধিমত্তাই আজি আপোনাক কঠিন পৰিস্থিতিৰ সৈতে যুঁজ দিয়াত আপোনাক সহায় কৰিব। টকা ধাৰলৈ দিয়াৰ পৰা বিৰত থাকক। সহজে কাকো বিশ্বাসত নল’ব, অন্যথা ইয়াৰ পৰিনাম ভূগিব লাগিব পাৰে। বস্ত্ৰ আদিৰ প্ৰতি প্ৰৱণতা বৃদ্ধি পাব। বৈবাহিক জীৱনত আজি সুখ বৃদ্ধি পাব। মাতৃৰ পৰা সহায় লাভ কৰিব পাৰে। আৰ্থিক দিশত কিছু সাৱধান হোৱা ভাল।
লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল
বৃষ ৰাশি- আপুনি আপোনাৰ ব্যৱসায়ত যথেষ্ট সফলতা লাভ কৰিব। আজি আপুনি এটা বহুজাতিক কোম্পানীৰ সৈতে এটা ডাঙৰ চুক্তি স্বাক্ষৰ কৰিব পাৰে। ই আপোনাৰ অৰ্থনৈতিক দিশটো শক্তিশালী কৰিব। ইয়াৰ লগতে, আপুনি ঘৰত পৰিয়ালৰ সদস্যসকলৰ সৈতে সুখেৰে সময় অতিবাহিত কৰিব। সুস্বাদু খাদ্যৰ প্ৰতি প্ৰৱণতা বৃদ্ধি পাব। অবিবাহিত এই ৰাশিচিহ্নৰ লোকসকলে আজি বিবাহৰ প্ৰস্তাৱ পাব পাৰে।
মিথুন ৰাশি- কামত আজি সফলতা লাভ কৰিবলৈ সক্ষম হব। আপোনাৰ আবেগিক চৰিত্ৰৰ বাবে আজি কোনো বিপদত পৰিব পাৰে। ব্যৱসায় সংক্ৰান্তিয় কাৰণত ভ্ৰমণ কৰিব পাৰে। পত্নীৰ সৈতে সম্পৰ্ক মধুৰ হব। হঠাৎ কোনো ভাল খবৰ লাভ কৰিব পাৰে। পিতৃ-মাতৃৰ সমৰ্থনত ব্যৱসায় সম্প্ৰসাৰণ কৰিব পাৰে। চাকৰিত পদোন্নতিৰ সুযোগ থাকিব।
লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল
কৰ্কট ৰাশি- মনত ইচ্ছাশক্তিৰ অভাৱ ঘটিব পাৰে। আজি উপাৰ্জন হ্ৰাস পাব, কিন্তু অধিক ব্যয়ে আপোনাৰ জমা ধন হ্ৰাস কৰিব পাৰে। ঘৰত ধৰ্মীয় কাৰ্যকলাপ থাকিব। মনত নেতিবাচক চিন্তাৰ প্ৰভাৱ থাকিব পাৰে। কথা কওতে মাৰ্জিত হওক। পিতৃৰ স্বাস্থ্যই চিন্তিত কৰিব পাৰে। প্ৰেমত শুভ। দাম্পত্য জীৱন আনন্দদায়ক হব। ঘৰলৈ অতিথিৰ আগমণ ঘটিব পাৰে।
সিংহ ৰাশি- আজি নতুন কামৰ প্ৰতি আপোনাৰ আগ্ৰহ বৃদ্ধি হ’ব, যি আপোনাক নতুন কিবা এটাৰ শিক্ষাও দিব। অপ্ৰয়োজনীয় ব্যয় হ্ৰাস নকৰিলে তীব্ৰ আৰ্থিক সমস্যাত পৰিব পাৰে। পৰিয়ালত বিভেদ ঘটিব পাৰে। ভাতৃৰ সহযোগত ব্যৱসায়ত নতুন গতি লাভ কৰিব পাৰে। অৱশ্যে আজি নতুন বিনিয়োগৰ পৰা বিৰত থাকক। উপাৰ্জনৰ নতুন বাট বিচাৰি পাব।
কন্যা ৰাশি- দাম্পত্য জীৱনত চলি থকা ভুল বুজাবুজিৰ আজি সমাধান কৰিব পাৰে। খং পৰিহাৰ কৰক। সামাজিক স্থানত সন্মান বৃদ্ধি পাব। আজি আপুনি এটা ভাল খবৰ লাভ কৰিব পাৰে। শিল্প, সাহিত্যৰ সৈতে জড়িত সকলে নিজৰ কৰ্মৰ জৰিয়তে খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হব। সময়ানুৱৰ্তী হওক। যদি কোনো প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হৈছে, তেন্তে আজি আপুনি সন্তোজনক ফলাফল লাভ কৰিব পাৰে।
লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল
তুলা ৰাশি- পৰিয়াল আৰু বন্ধুবৰ্গৰ বাবে আজি কিছু আজৰি সময় উলিয়াবলৈ সক্ষম হব। কৰ্মক্ষেত্ৰত কামৰ হেঁচা হ্ৰাস পাব। আজি চাকৰিয়াল সকলে পদোন্নতিৰ সুযোগ লাভ কৰিব পাৰে। আজিৰ দিনটো আপোনাৰ বাবে অৰ্থনৈতিভাৱে শুভ। ঘৰুৱা আচ-বাবৰ বিনিময়ত ব্যয় বৃদ্ধি পাব পাৰে। আপুনি আজি এজন আত্মীয়ৰ ঘৰলৈ ফুৰিবলৈ যাব পাৰে। পত্নীৰ সৈতে সম্পৰ্ক মধুৰ হব।
বৃশ্চিক ৰাশি- আজি আপুনি কোনো কামৰ সন্দৰ্ভত ভ্ৰমণ কৰিব লগা হ’ব পাৰে। আপোনাৰ বছে কাৰ্যালয়ত আপোনাৰ আত্মবিশ্বাস দেখি সুখী হ’ব। যদি আপুনি আজি এটা নতুন কাম আৰম্ভ কৰে, তেন্তে আপুনি পিছত যথেষ্ট লাভান্বিত হ’ব। ক্ষুদ্ৰ ব্যৱসায়ী সকলৰ বাবে দিনটো শুভ পৰিগণিত হব। মাতৃৰ স্বাস্থ্যৰ যতন লওক। সম্পত্তিৰ পৰা উপাৰ্জনৰ বাট প্ৰশস্ত হব।
ধনু ৰাশি- আজি উপাৰ্জন বৃদ্ধি হ’ব পাৰে। শত্ৰুৱে আপোনাৰ ক্ষতিসাধনৰ চেষ্টা চলাব পাৰে, সেয়ে সাৱধান হওক। আপুনি আপোনাৰ পুৰণি ঋণ পৰিশোধ কৰিব পাৰে। আজি এটা নতুন ব্যৱসায় আৰম্ভ কৰাৰ সময়। দীৰ্ঘদিন ধৰি পৰিকল্পনা কৰি থকা কোনো কাৰ্য আজি বাস্তৱত ৰূপায়িত কৰিব পাৰে। শৈক্ষিক কামত জড়িত সকলৰ বাবে দিনটো লাভজনক হব। পত্নীৰ স্বাস্থ্যৰ যতন লওক।
মকৰ ৰাশি– স্বাস্থ্যৰ যতন লওক আৰু বাহিৰত খাদ্য গ্ৰহণৰ পৰা পাৰিলে আতৰি থাকক। পিতৃ-মাতৃৰ সহযোগত আপোনাৰ কোনো বিত্তীয় সংকট আজি দূৰ হব পাৰে। ব্যৱসায়ত কোনো সিদ্ধান্ত গ্ৰহণ কৰাৰ পূৰ্বে জ্যেষ্ঠ আৰু অভিজ্ঞজনৰ সৈতে আলোচনা কৰক। পত্নীৰ পৰামৰ্শই আজি আপোনাক লাভাৱাম্বিত কৰিব। পুৰণি বন্ধুৰ সৈতে আপোনাৰ সাক্ষাৎ হব পাৰে।
লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল
কুম্ভ ৰাশি- আজি ভাগ্য আপোনাৰ প্ৰতি সদয় হ’ব। আজি আপুনি যিকাম কৰিব বিচাৰে সেয়া নিশ্চিতভাৱে সম্পূৰ্ণ হ’ব। সামাজিক কামত আপুনি আজি খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হব। ধন লাভৰ এটা সুৱৰ্ণ সুযোগ লাভ কৰিব পাৰে। নিবনুৱা সকলে সংস্থাপনৰ সুযোগ লাভ কৰিব পাৰে। আপোনাৰ সততা আৰু কৰ্মই আজি সহজতে আনক আকৰ্ষণ কৰিব। পত্নীৰ সৈতে ভ্ৰমণলৈ যাব পাৰে।
মীন ৰাশি- উপাৰ্জন হ্ৰাস হোৱাৰ লগতে আজি আপোনাৰ ব্যয় অধিক হব। কাপোৰ আৰু বিলাসী সামগ্ৰীৰ নামত ব্যয় বৃদ্ধি পাব। কাৰো আগত আজি আপোনাৰ ব্যক্তিগত জীৱন অথবা মনৰ কথা প্ৰকাশ নকৰিব। এগৰাকী মহিলাৰ দ্বাৰা আপুনি উপাৰ্জনৰ এটা বিচাৰি পাব পাৰে। চাকৰিয়ালসকলে আজি কাৰ্যালয়ত অধিক কামৰ হেঁচা লাভ কৰিব পাৰে। আজি কাৰোবাক প্ৰতিশ্ৰুতি প্ৰদানৰ পৰা আতৰি থাকক।