অসম

২৬ আৰু ২৭ মাৰ্চত খোলা থাকিব ডিটিঅ’ কার্যালয়, পৰিবহন মন্ত্ৰীৰ নিৰ্দেশ…

২৬ আৰু ২৭ মাৰ্চত খোলা থাকিব ডিটিঅ’ কার্যালয়।

চলিত বিত্তীয় বৰ্ষ সমাপ্তিৰ প্ৰতি লক্ষ্য ৰাখি জনস্বাৰ্থত জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়সমূহ অহা ২৬ আৰু ২৭ মাৰ্চত খোলা ৰখাৰ নির্দেশ প্ৰদান কৰিছে মন্ত্রী চন্দ্ৰমোহন পাটোৱাৰীয়ে।

এই সময়ছোৱাত চালকৰ অনুজ্ঞাপত্ৰ, ফিটনেছ চার্টিফিকেট আদিৰ দৰে অধিসূচিত সেৱাসমূহৰ নিষ্পত্তি হ’ব।

তদুপৰি এই সময়চোৱাত বকেয়া আৰু নিয়মীয়া কৰসমূহো সংগ্ৰহ কৰা হ’ব।

উল্লেখ্য যে মাহৰ চতুৰ্থ শনিবাৰ হোৱাৰ পৰিপ্ৰেক্ষিতত ২৬ মাৰ্চ শনিবাৰে আৰু ২৭ মাৰ্চ দেওবাৰে চৰকাৰী কার্যালয়সমূহ বন্ধ আছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *