অসমঅসমীয়া

ম্যে কভি ঝুকেগা নহী! পুষ্পাৰ ষ্টাইলত ৰূপজ্যোতি, কিন্তু কি কাৰণত নতি স্বীকাৰ নকৰে বিধায়কজনে…

নিউজ ডেস্ক। পৰাজিত হ’লেও নতি স্বীকাৰ নকৰে বিধায়ক ৰূপজ্যোতি কুর্মীয়ে। সেয়ে কেমেৰাৰ সন্মুখত “পুষ্পা”ৰ বিশেষ ভঙ্গীমাত তেওঁ কৈ উঠিল- ৰূপজ্যোতি কুৰ্মী কভি ঝুকেগা নহী।

যোৱা পৌৰসভা নিৰ্বাচনত ৰাজ্যৰ অধিক সংখ্যক পৌৰসভাতে দেখা গল বিজেপিৰ জয়জয়কাৰ।

vlcsnap 2022 03 25 15h52m23s209

৮০ খন পৌৰসভা আসনৰ ৭৩ খনতে জয়লাভ কৰি ইতিহাস ৰচনা কৰা বিজেপি পিছে বিধ্বস্ত হৈ পৰিছিল মৰিয়নী পৌৰ সভাত।

কংগ্ৰেছৰ পৰা আহি যোগদান কৰা ন বিজেপি বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ গৃহ সমষ্টিৰ পৌৰসভা নিৰ্বাচনত বিজেপিয়ে ১০টা ৱাৰ্ডৰ মাত্ৰ তিনিটাতে সীমাবদ্ধ হৈ পৰে।

আনহাতে বাকী ৭ টা ৱাৰ্ডত জয়ী হয় নিৰ্দলীয় প্ৰাৰ্থী।

কংগ্ৰেছ ত্যাগ কৰি বিজেপিৰ হৈ উপ নিৰ্বাচনত বিশাল ভোটত জয়ী হোৱা ৰূপজ্যোতি কুৰ্মীত নেতৃত্বত পৌৰসভা নিৰ্বাচনত মৰিয়নীত প্ৰচাৰ চলাইছিল বিজেপিয়ে।

আসনখনত বিজেপিয়ে আটাইকেইটা ৱাৰ্ডত জয়ী লাভ কৰিব বুলি ৰূপজ্যোতি কুৰ্মী নিশ্চিত আছিল।

কিন্তু ফলাফলত মৰিয়নীত পৌৰসভা গঠন কৰাত ব্যৰ্থ হয় ৰূপজ্যোতি কুৰ্মী আৰু বিজেপি।

এই সন্দৰ্ভত ৰাজ্যিক বিজেপিৰ এক সংবাদমেলত সাংবাদিকে সোধা প্ৰশ্নৰ “পুষ্পা” ছবিৰ ষ্টাইলত উত্তৰ দিয়ে বিধায়কজনে।

লগতে চাওকঃ

অসম তথা জাতিৰ উন্নয়নেই আমাৰ মূল লক্ষ্য, মূল্যবৃদ্ধি ইয়াৰ তুলনাত গৌণঃ আঙুৰলতা ডেকা

G8 8

Leave a Reply

Your email address will not be published. Required fields are marked *