দৈনিক ৰাশিফলঃ ৯ জানুৱাৰী, শুকুৰবাৰ
মেষ ৰাশি- আপোনাৰ বাবে দিনটো কৰ্মব্যস্ততাৰে ভৰা হ’ব। কৰ্মক্ষেত্ৰত কোনো নতুন গুৰুত্বপূৰ্ণ দায়িত্ব লাভ কৰিব আৰু ইয়াৰ দ্বাৰা ভৱিষ্যতে উপকৃত হ’ব। পৰিয়ালৰ সদস্যৰ সৈতে থকা পুৰণি মতানৈক্য দূৰ হ’ব। অৱশ্যে স্বাস্থ্যৰ সামান্য অৱনতি ঘটিব পাৰে, সেয়ে সাৱধান হ’ব। আৰ্থিক দিশত উন্নতিৰ যোগ আছে।
বৃষ ৰাশি- দিনটোত আৰ্থিক লেনদেনৰ ক্ষেত্ৰত বিশেষ সতৰ্কতা অৱলম্বন কৰিব লাগিব। কোনো অচিনাকি ব্যক্তিৰ সৈতে ব্যৱসায়িক চুক্তি নকৰাই ভাল হ’ব। কাৰ্যালয়ত সহকৰ্মীৰ পূৰ্ণ সহযোগিতা লাভ কৰিব। প্ৰেমৰ ক্ষেত্ৰত দিনটো অতি মধুৰ হ’ব। সন্ধিয়া পৰত বন্ধুৰ আগমন ঘটিব পাৰে।
মিথুন ৰাশি- বিদ্যাৰ্থীসকলৰ বাবে দিনটো যথেষ্ট শুভ বুলি বিবেচিত হ’ব। কোনো নতুন বিষয় অধ্যয়নৰ প্ৰতি আগ্ৰহ বৃদ্ধি পাব। ব্যৱসায়িক লেনদেনত লাভান্বিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। পুৰণি কোনো বন্ধুৰ পৰা সহায় লাভ কৰিব। ঘৰত মাংগলিক অনুষ্ঠান হোৱাৰ পৰিকল্পনা চলিব পাৰে।
কৰ্কট ৰাশি- আপুনি আৱেগিক সিদ্ধান্ত লোৱাৰ পৰা বিৰত থকাটো উচিত হ’ব। কর্মক্ষেত্ৰত উৰ্ধতন বিষয়াৰ পৰা কিছু মানসিক চাপ অনুভৱ কৰিব পাৰে। ভ্ৰমণৰ সময়ত সাৱধানতা অৱলম্বন কৰিব। খৰচ বৃদ্ধি হোৱাৰ বাবে মানসিক চিন্তা থাকিব পাৰে। ধৈর্য ধৰিলে সফলতা লাভ কৰিব।
সিংহ ৰাশি- সমাজত আপোনাৰ মান-মৰ্যাদা বৃদ্ধি পাব। কোনো সামাজিক অনুষ্ঠানত নেতৃত্ব দিয়াৰ সুযোগ লাভ কৰিব। সন্তানৰ দিশৰ পৰা সুখবৰ লাভ কৰিব পাৰে। বিয়া-বাৰুৰ কথা চলি থকাসকলৰ বাবে দিনটো শুভ। আৰ্থিক বিনিয়োগৰ পৰা লাভান্বিত হোৱাৰ যোগ আছে।
কন্যা ৰাশি– আপুনি কোনো ধৰণৰ বিবাদত লিপ্ত নহ’ব। কথা কওঁতে সংযম ৰক্ষা কৰাটো অত্যন্ত প্ৰয়োজনীয়। চাকৰিৰ সন্ধানত থকাসকলৰ বাবে দিনটোৱে নতুন আশা কঢ়িয়াই আনিব। পৈত্রিক সম্পত্তিৰ পৰা লাভান্বিত হোৱাৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ প্ৰতি অধিক যতন ল’ব লাগিব।
তুলা ৰাশি- দিনটো আনন্দ আৰু উল্লাসৰ মাজেৰে অতিবাহিত হ’ব। আপোনাৰ সৃজনীমূলক কামৰ বাবে সন্মানিত হ’ব পাৰে। ব্যৱসায়ত নতুন অংশীদাৰ অন্তৰ্ভুক্ত কৰিব পাৰে। ধৰ্মীয় কাম-কাজত অংশগ্ৰহণ কৰি মানসিক শান্তি লাভ কৰিব। অবিবাহিতসকলৰ বিবাহৰ যোগ দেখা যায়।
বৃশ্চিক ৰাশি- পুৱাই কোনো শুভ সংবাদ লাভ কৰাৰ সম্ভাৱনা আছে। দীৰ্ঘদিন ধৰি ৰৈ থকা কামবোৰ আজি সম্পূৰ্ণ হ’ব। যানবাহন চলোৱাৰ সময়ত বিশেষ সতৰ্কতাৰ প্ৰয়োজন। খাদ্যৰ বিষক্ৰিয়া হ’ব পাৰে, সেয়ে বাহিৰৰ খাদ্য পৰিহাৰ কৰিব। আৰ্থিক সঞ্চয় বৃদ্ধি পাব।
ধনু ৰাশি- আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব আৰু ইয়াৰ ফলত কঠিন কামবোৰ সহজে কৰিব পাৰিব। কর্মস্থলীত আপোনাৰ প্ৰভাৱ বাঢ়িব। নতুন ঘৰ বা বাহন ক্ৰয়ৰ যোগ আছে। পত্নী বা স্বামীৰ সৈতে সুসম্পৰ্ক বৰ্তি থাকিব। সন্ধিয়া কোনো আত্মীয়ৰ আগমন ঘটিব পাৰে।
মকৰ ৰাশি- খৰচৰ মাত্ৰা অধিক হোৱাৰ বাবে আৰ্থিক টান অনুভৱ কৰিব পাৰে। গুৰুত্বপূৰ্ণ নথিপত্ৰ চহী কৰোঁতে ভালদৰে পঢ়ি ল’ব। শত্ৰুৱে আপোনাৰ অপকাৰ কৰিবলৈ চেষ্টা কৰিব পাৰে, সেয়ে সতৰ্ক থাকিব। শিক্ষার্থীসকলে প্ৰতিযোগিতামূলক পৰীক্ষাত সুফল লাভ কৰিব।
কুম্ভ ৰাশি- দিনটোত আধ্যাত্মিক চিন্তাৰ প্ৰতি ধাউতি বাঢ়িব। কোনো পুৰণা ৰোগৰ পৰা উপশম লাভ কৰিব পাৰে। চাকৰিয়ালসকলৰ বাবে পদোন্নতিৰ যোগ আছে। প্ৰেমিক-প্ৰেমিকাসকলৰ বাবে দিনটো বিশেষভাৱে মনত ৰখাৰ দৰে হ’ব। আৰ্থিক স্থিতি মজবুত হ’ব।
মীন ৰাশি- আপোনাৰ ব্যক্তিত্বই আনক আকৰ্ষিত কৰিব। কোনো নতুন কামৰ পৰিকল্পনা কৰিব পাৰে আৰু তাত সফল হ’ব। পাৰিবাৰিক জীৱনত সুখ-শান্তি বজায় থাকিব। অংশীদাৰী ব্যৱসায়ত স্বচ্ছতা বজায় ৰাখিব। সন্ধিয়া কোনো বিনোদনমূলক কাৰ্যসূচীত অংশ ল’ব পাৰে।




