চাওক আপোনাৰ দৈনিক ৰাশিফল

দৈনিক ৰাশিফলঃ ১০ জানুৱাৰী, শনিবাৰ

মেষ ৰাশি- আপোনাৰ বাবে দিনটো বিশেষ প্ৰত্যাহ্বানমূলক হোৱাৰ সম্ভাৱনা থাকিব। কৰ্মক্ষেত্ৰত কোনো জটিল কামৰ দায়িত্ব ল’বলগীয়া হ’ব পাৰে যদিও আপোনাৰ বুদ্ধিৰ বলত সেইয়া সফল হ’ব। আৰ্থিক দিশত কিছু লোকচান হোৱাৰ ভয় থাকিব, সেয়ে কোনো নতুন বিনিয়োগ নকৰাই ভাল। পৰিয়ালৰ জ্যেষ্ঠ সদস্যৰ স্বাস্থ্যৰ প্ৰতি অধিক মনোযোগ দিব লাগিব।

বৃষ ৰাশি- ব্যৱসায়ীসকলৰ বাবে দিনটো লাভদায়ক হিচাপে পৰিগণিত হ’ব। নতুন কোনো ব্যৱসায়িক যোগাযোগ স্থাপন হ’ব যিয়ে ভৱিষ্যতে বৃহৎ মুনাফা প্ৰদান কৰিব। দাম্পত্য জীৱনত কিছু বুজাবুজিৰ অভাৱ ঘটিব পাৰে, গতিকে শান্ত হৈ থকাটোৱে শ্ৰেয়। শিক্ষাৰ্থীসকলে প্ৰতিযোগিতামূলক পৰীক্ষাত আশানুৰূপ ফল লাভ কৰিব পাৰিব।

মিথুন ৰাশি- সামাজিক কাম-কাজত আপোনাৰ সক্ৰিয়তা বৃদ্ধি পাব আৰু মান-সন্মান লাভ কৰিব। দীৰ্ঘদিন ধৰি আধৰুৱা হৈ থকা ঘৰুৱা কামবোৰ সম্পন্ন কৰাৰ সুযোগ পাব। ভ্ৰমণৰ পৰিকল্পনা কৰিলে সাৱধান হ’ব, কিয়নো সামগ্ৰী হেৰুৱাৰ সম্ভাৱনা থাকিব। সন্ধিয়া সময়ত কোনো আত্মীয়ৰ আগমনৰ ফলত ঘৰত আনন্দময় পৰিৱেশ বিৰাজ কৰিব।

কৰ্কট ৰাশি- আপোনাৰ বাবে দিনটো কিছু চুটি আৰু অশান্তিদায়ক হোৱাৰ যোগ আছে। কৰ্মস্থলীত সহকৰ্মীৰ সৈতে তৰ্কাতৰ্কিত লিপ্ত নহ’ব। আৰ্থিক নাটনিৰ বাবে আপুনি মানসিকভাৱে চিন্তিত থাকিব পাৰে। পুৰণি বন্ধুৰ সহায়ত কোনো ডাঙৰ সমস্যাৰ সমাধান বিচাৰি পাব। ধৰ্মীয় স্থান দৰ্শনৰ দ্বাৰা মানসিক শান্তি বিচাৰি পাব পাৰে।

সিংহ ৰাশি- যিসকল লোকে কলা বা সাহিত্যৰ সৈতে জড়িত, তেওঁলোকৰ বাবে দিনটো যথেষ্ট শুভ হ’ব। আপোনাৰ সৃষ্টিশীল কামৰ বাবে সমাজত আদৰ লাভ কৰিব। প্ৰেমৰ সম্পৰ্কত থকাসকলৰ বাবে দিনটো বিবাদমুক্ত নহ’বও পাৰে। সম্পত্তি ক্ৰয়ৰ সিদ্ধান্ত ল’বলৈ গ’লে অভিজ্ঞ লোকৰ পৰামৰ্শ নিশ্চয় ল’ব। শৰীৰত ক্লান্তি অনুভৱ কৰিব পাৰে।

কন্যা ৰাশি- চাকৰিয়ালসকলৰ বাবে দিনটো অত্যন্ত ফলদায়ক হ’ব আৰু পদোন্নতিৰ পথ প্ৰশস্ত হ’ব। ঘৰত নতুন কোনো অতিথিৰ আগমনে ব্যস্ততা বৃদ্ধি কৰিব। আৰ্থিক ক্ষেত্ৰত আয় বৃদ্ধি পাব যদিও অপব্যয় ৰোধ কৰাটো জৰুৰী। কোনো পুৰণি ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰে। শিক্ষাৰ্থীসকলে পঢ়া-শুনাত অধিক সময় দিব লাগিব।

তুলা ৰাশি- আপোনাৰ মনটো আজি কিছু চঞ্চল হৈ থাকিব পাৰে। কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ আগতে পৰিয়ালৰ সৈতে আলোচনা কৰিলে ভাল হ’ব। নতুনকৈ আৰম্ভ কৰা কামত বাধা আহিব পাৰে যদিও ধৈৰ্য্য ধৰিলে সফলতা লাভ কৰিব। বাহন চলোৱাৰ সময়ত অধিক সতৰ্কতা অৱলম্বন কৰিব। পোহনীয়া জন্তুৰ পৰা সাৱধান হ’ব।

বৃশ্চিক ৰাশি- দিনটোত আপোনাৰ বাবে ভাগ্যৰ সহায় লাভ কৰাটো সহজ হ’ব। পূৰ্বতে কৰি থোৱা বিনিয়োগৰ পৰা হঠাৎ ধন লাভ কৰাৰ সম্ভাৱনা আছে। সন্তানৰ শিক্ষা বা কেৰিয়াৰক লৈ থকা চিন্তা দূৰ হ’ব। বিয়া-বাৰুৰ কথা চলি থকা সকলৰ বাবে কোনো ভাল প্ৰস্তাৱ আহিব পাৰে। সন্ধিয়া সময়ত পৰিয়ালৰ সৈতে সময় কটালে মন ফৰকাল হ’ব।

ধনু ৰাশি- কৰ্মক্ষেত্ৰত কোনো ধৰণৰ ৰাজনীতিৰ বলি হ’ব পাৰে, সেয়ে নিজৰ কামত মনোনিবেশ কৰক। শত্ৰুপক্ষই আপোনাৰ ক্ষতি কৰিবলৈ চেষ্টা কৰিব যদিও সফল নহ’ব। ভ্ৰমণৰ ফলত নতুন অভিজ্ঞতা অৰ্জন কৰিব। খোৱা-বোৱাৰ ক্ষেত্ৰত অনিয়ম নকৰিব, অন্যথা পেটৰ অসুখত ভুগিব পাৰে। সঞ্চিত ধনৰ ব্যৱহাৰ কৰিবলগীয়া হ’ব পাৰে।

মকৰ ৰাশি- কোনো নতুন উদ্যোগ হাতত লোৱাৰ বাবে দিনটো অতিশয় শুভ বুলি বিবেচিত হ’ব। ব্যৱসায়ত অংশীদাৰৰ পৰা সম্পূৰ্ণ সহযোগিতা লাভ কৰিব। বন্ধু-বান্ধৱীৰ সৈতে বনভোজ বা আমোদ-প্ৰমোদৰ পৰিকল্পনা কৰিব পাৰে। পুৰণি কোনো আইনী গোচৰৰ পৰা মুক্তি পোৱাৰ সম্ভাৱনা আছে। স্বাস্থ্য উন্নত থাকিব।

কুম্ভ ৰাশি- আপুনি আজি কাৰোবাক সহায় কৰি আত্মসন্তুষ্টি লাভ কৰিব। সামাজিক মৰ্যাদা বৃদ্ধিৰ লগতে নতুন বন্ধু লাভ কৰাৰ যোগ আছে। ঘৰুৱা বিবাদৰ অন্ত পৰিব আৰু ভাতৃ-ভগ্নীৰ সৈতে সম্পৰ্ক মধুৰ হ’ব। কৰ্মস্থলীত আপোনাৰ পৰিশ্ৰমৰ উচিত মূল্যায়ন হ’ব। আৰ্থিক দিশত দিনটো মধ্যমীয়া হ’ব।

মীন ৰাশি- আপোনাৰ বাবে দিনটো মিশ্ৰিত ফলদায়ক হ’ব। পুৱাৰ ভাগত কিছু মানসিক দুশ্চিন্তা থাকিব পাৰে যদিও দিনটো আগবঢ়াৰ লগে লগে পৰিস্থিতি উন্নত হ’ব। ব্যৱসায়ত মধ্যমীয়া লাভ হ’ব। প্ৰেমিক-প্ৰেমিকাসকলৰ বাবে দিনটো সুখৰ হ’ব। পঢ়া-শুনাত থকা অৱহেলাই শিক্ষাৰ্থীৰ ভৱিষ্যতত প্ৰভাৱ পেলাব পাৰে, গতিকে সাৱধান হওক।

Leave a Comment