CRPF কেম্পত গুলীয়াগুলীঃ সতীৰ্থক গুলীয়াই নিজেই আত্মহত্যা কৰিলে এজন জোৱানে…

নগাঁৱৰ কাটিমাৰীস্থ চিআৰপিএফ কেম্পত গুলীয়াগুলীৰ ঘটনা।

চিআৰপিএফ জোৱানৰ মাজতে গুলীয়াগুলীৰ ঘটনা।

সতীৰ্থক গুলীয়াই নিজেও আত্মহত্যা কৰিলে এজন জোৱানে।

বিজয় কুমাৰ মিশ্ৰ নামৰ চিআৰপিএফ জোৱানজনৰ গুলীত আহত জোৱান প্ৰাঞ্জল দত্ত।

প্ৰাঞ্জল দত্তক গুলীওৱা বিজয় মিশ্ৰই কিছূসময় পিছতে নিজৰ মুৰত গুলীয়াই আত্মহত্যা কৰে।

আনহাতে, আঘাতপ্ৰাপ্ত প্ৰাঞ্জল দত্ত নামৰ জোৱানজনক নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

দুয়োজন চি আৰ পি এফৰ জোৱানৰ মাজত বাক-বিতণ্ডাৰ পাছতে এই গুলিয়াগুলীৰ ঘটনা সংঘটিত হয়।

এই ঘটনা সংঘটিত হোৱাৰ বাতৰি লাভ কৰাৰ পাছতে ঘটনাস্থলীত নগাঁও আৰক্ষীৰ এটা দল উপস্থিত হৈছে।

Leave a Comment