দুবাৰকৈ আধাৰশিলা স্থাপন হ’ল, কিন্তু দলং নহ’লঃ অখিল গগৈ

নিউজ ডেস্ক। নিমাতীঘাটৰ শােকাৱহ নাও দুৰ্ঘটনাৰ বাবে অসম চৰকাৰ, বিশেষকৈ আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ অব্যৱস্থাকে জগৰীয়া কৰিছে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে।

বৃহস্পতিবাৰে নিমাতীঘাটৰ উপস্থিত হােৱা বিধায়কগৰাকীয়ে সংবাদ মাধ্যমতৰ আগত মন্তব্য কৰি কয় যে বিভাগ নহয়, সৌভাগ্যৰ বাবেহে ৰাজ্যত এনে নাও দুৰ্ঘটনা ইমানদিনে নঘটাকৈ আছিল।

তেওঁ কয় যে সাম্প্ৰতিক সময়ত অধিকাংশ ভুটভুটিৰ নাও আওপুৰণি, ব্যক্তিগত নাওসমূহাে নিৰাপদ নহয়।

পৰ্যাপ্ত সুৰক্ষা ব্যৱস্থা অবিহনে সকলাে ধৰণৰ ব্যক্তিগত নাও ফেৰীসেৱাৰ পৰা আঁতৰাই ৰাখিবলৈ অসম চৰকাৰলৈ আহ্বান জনায় অখিল গগৈয়ে।

বিধায়ক অখিল গগৈয়ে আৰু কয় যে মাজুলীবাসীক দলঙৰ প্ৰয়ােজন আছিল, দুবাৰকৈ দলঙৰ আধাৰশিলাও স্থাপন কৰা হ’ল, কিন্তু কাম আগনাবাঢ়িল। এনেবােৰ কাৰণতে আজি এই শােকাৱহ ঘটনাৰ সন্মুখীন হ’বলগীয়া হ’ল অঞ্চলবাসী।

Leave a Comment