নিউজ ডেস্কঃ বিভিন্ন বেংকৰ পৰা কোটি কোটি টকাৰ ঋণ লৈ প্ৰৱঞ্চনা কৰা এজন অভিযুক্তক শুকুৰবাৰে ত্ৰিপুৰা সুন্দৰী মন্দিৰৰ ধৰ্মশালাৰ পৰা গ্ৰেপ্তাৰ কৰে চিবিআইৰ এটা দলে। যোৱা দহ বছৰ ধৰি আৰক্ষীৰ চকুৰ ধূলি দি পলাতক হৈ থকা সঞ্জীৱ দীক্ষিত নামৰ এই প্ৰৱঞ্চকজনে যোৱা তিনিদিন ধৰি মন্দিৰৰ ধৰ্মশালাত ভুৱা নামেৰে আশ্ৰয় লৈ আছিল।
তদন্তকাৰী সংস্থাটোৱে লাভ কৰা গোপন খবৰৰ ভিত্তিত বৃহস্পতিবাৰে নিশা প্ৰায় ৯ বজাত ধৰ্মশালাখনত উপস্থিত হৈ অভিযান আৰম্ভ কৰে। অনুসন্ধানৰ সময়ত জানিব পৰা যায় যে অভিযুক্তজনে সঞ্জয় ভৰদ্বাজ নামেৰে ৫৪ নম্বৰ কোঠাত বাহৰ পাতি আছে। চিবিআইৰ দলটোৱে সমগ্ৰ নিশা তেওঁৰ কাষৰ কোঠাতে আত্মগোপন কৰি থকাৰ পিছত শুকুৰবাৰে পুৱা ৫ বজাত স্থানীয় আৰক্ষীৰ সহযোগত তেওঁক কৰায়ত্ত কৰে।
প্ৰাপ্ত তথ্য অনুসৰি, সঞ্জীৱ দীক্ষিতে জাল নথিপত্ৰৰ জৰিয়তে বিভিন্ন বেংকৰ পৰা ২০ ৰ পৰা ২৫ কোটি টকাৰ ঋণ লৈ আত্মসাৎ কৰিছিল। গ্ৰেপ্তাৰৰ সময়ত চিবিআইৰ দলটোৱে অভিযুক্তৰ জিম্মাৰ পৰা ৫ টাকৈ ম’বাইল ফোন আৰু কেইবাটাও ইলেক্ট্ৰনিক সঁজুলি উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
আৰক্ষীৰ জালত পৰা এই প্ৰৱঞ্চকজনক বৰ্তমান অধিক সোধা-পোছাৰ বাবে নিৰাপত্তাৰ মাজত ৰখা হৈছে। তেওঁৰ জিম্মাৰ পৰা উদ্ধাৰ হোৱা সঁজুলিসমূহৰ পৰা বেংক প্ৰৱঞ্চনাৰ আন বহুতো গোপন তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।









