৪০০ মিটাৰ দূৰত্বৰ যাত্ৰাৰ বাবে ১৮ হাজাৰ টকা ভাড়া! বিদেশী মহিলাক লুটি জালত কেব ড্ৰাইভাৰ

নিউজ ডেস্কঃ মুম্বাইৰ ব্যস্ত ৰাজপথত এগৰাকী বিদেশী মহিলা পৰ্যটকক লক্ষ্য কৰি চলোৱা এক চৰম প্ৰৱঞ্চনাৰ ঘটনাই বৰ্তমান দেশজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। মাত্ৰ ৪০০ মিটাৰ দূৰত্ব অতিক্ৰম কৰাৰ বাবদ এজন কেব চালকে এগৰাকী বিদেশী মহিলাৰ পৰা ১৮ হাজাৰ টকা দাবী কৰাৰ লগতে সেই ধন সংগ্ৰহ কৰা বুলি এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে। সামাজিক মাধ্যমত এই সন্দৰ্ভত এক পোষ্ট ভাইৰেল হোৱাৰ পিছতে সমগ্ৰ বিষয়টো পোহৰলৈ আহে আৰু মুম্বাই আৰক্ষীয়ে ততাতৈয়াকৈ ব্যৱস্থা গ্ৰহণ কৰে।

প্ৰাপ্ত তথ্য অনুসৰি, এই ঘটনাটো মুম্বাইৰ কোলাবা অঞ্চলত সংঘটিত হৈছিল। ভুক্তভোগী মহিলাগৰাকীয়ে অতি কম দূৰত্বৰ বাবে কেবখন ভাড়াত লৈছিল যদিও গন্তব্য স্থানত উপস্থিত হোৱাৰ পিছত চালকজনে তেওঁক এই বৃহৎ পৰিমাণৰ বিল প্ৰদান কৰে। বিদেশী পৰ্যটকগৰাকীয়ে উপায়ন্তৰ হৈ সেই ধন পৰিশোধ কৰিবলগীয়া হয় যদিও পৰৱৰ্তী সময়ত ঘটনাটোৱে সামাজিক মাধ্যমত চৰ্চা লাভ কৰে।

এই ভাইৰেল পোষ্টটো মুম্বাই আৰক্ষীৰ দৃষ্টিগোচৰ হোৱাৰ লগে লগে আৰক্ষীয়ে স্বতঃস্ফূৰ্তভাৱে এক গোচৰ ৰুজু কৰে। আৰক্ষীৰ অনুসন্ধানত জানিব পৰা মতে, অভিযুক্ত কেব চালকজনে মহিলাগৰাকীক বিভ্ৰান্ত কৰি এইদৰে ধন লুণ্ঠন কৰিছিল। বৰ্তমান আৰক্ষীয়ে চিচিটিভি ফুটেজ আৰু কাৰিকৰী তথ্যৰ সহায়ত অভিযুক্ত চালকজনক চিনাক্ত কৰিবলৈ সক্ষম হৈছে।

মুম্বাই আৰক্ষীয়ে অভিযুক্তৰ বিৰুদ্ধে এজাহাৰ ৰুজু কৰি ইতিমধ্যে তদন্ত প্ৰক্ৰিয়া তীব্ৰতৰ কৰি তুলিছে। উল্লেখযোগ্য যে, দেশৰ আৰ্থিক ৰাজধানী হিচাপে পৰিচিত মুম্বাইত এগৰাকী বিদেশী আলহীৰ সৈতে হোৱা এনে দুৰ্ব্যৱহাৰে পৰ্যটন ক্ষেত্ৰখনৰ লগতে চহৰখনৰ নিৰাপত্তা ব্যৱস্থাক লৈও প্ৰশ্ন উত্থাপন কৰিছে।

Leave a Comment