
নিউজ ডেস্ক। সুদীৰ্ঘ ১০ বছৰ কাল সীমান্তৰ নিৰাপত্তাত নিয়োজিত হৈ অৱশেষত অৱসৰ গ্ৰহণ কৰিলে ‘মমতা’ই।
অৱসৰৰ পিছত মমতাক প্ৰদান কৰা হৈছে পেঞ্চন। খাদ্য, বিশ্ৰামত যাতে কোনো সমস্যা নহয়, তাৰ বাবে বিশেষ নজৰ ৰখা হৈছে। অৱশ্যে ‘মমতা’ কোনো মানুহৰ নাম নহয়।

হয়, সুদীৰ্ঘ কাল দেশৰ নিৰাপত্তাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা ‘মমতা’ নামৰ এটা ঘোঁৰাৰ প্ৰদান কৰা হৈছে অৱসৰ।
ঘোঁৰাটোৰ চোৱা-চিতাৰ বাবে থকা গাইড জনকো অৱসৰ প্ৰদান কৰা হৈছে। চৰকাৰী পেঞ্চন নিয়ম অনুসৰি, অৱসৰৰ পিছত অন্য সেনা জোৱানৰ দৰে ‘মমতা’ নামৰ ঘোঁৰাটোকো পেঞ্চন প্ৰদানৰ ব্যৱস্থা কৰা হৈছে।
বৰ্তমান মালদাৰ কালিয়াচক আৰক্ষী থানাৰ অন্তৰ্গত ইণ্ডো-বাংলাদেশ সীমান্তৰ অস্থায়ী অশ্বশালাত আন দুজন অৱসৰপ্ৰাপ্ত জোৱানৰ সৈতে বাস কৰি আছে আন এটা ঘোঁৰাৰ সৈতে আছে মমতা আৰু গাইডজন। প্ৰবীন সিং ৰাঠৌৰ নামৰ এজন বিএছএফ জোৱানে দুয়োটা ঘোঁৰাৰ চোৱা-চিতা কৰি আছে।
বিএছএফৰ সূত্ৰঅনুসৰি, মধ্যপ্ৰদেশৰ গোৱালিয়ৰৰ পৰা ৩২ কিলোমিটাৰ নিলগৰ টেকনোপুৰস্থিত বিএছএফৰ বিশেষ প্ৰশিক্ষণ শিৱিৰৰ পৰা ১৩ বছৰ পূৰ্বে অনা হৈছিল মমতাক। এই প্ৰশিক্ষণ শিৱিৰতে ঘোঁৰা, হাতী, কুকুৰ আদিৰ প্ৰশিক্ষণ কৰি সীমান্ত সুৰক্ষা বাহিনীৰ কামত ব্যৱহাৰ কৰা হয়।
মমতাক ১০ বছৰ পূৰ্বে সীমান্ত সুৰক্ষা বাহিনীত অন্তৰ্ভূক্ত কৰাৰ পিছত তাৰ পিঠিত উঠিয়েই সীমান্তত তহল দিছিল সেনা জোৱানসকলে।
বিশেষকৈ যিসমূহ স্থানত সেনাৰ বাহন প্ৰৱেশ কৰাটো সম্ভৱ নহয়, সেইসমূহ সীমান্তৰ স্থানত মমতাৰ পিঠিত উঠি সেনা জোৱানে সুৰক্ষা ব্যৱস্থা শক্তিশালী কৰি তুলিছিল।
আনহাতে মমতাৰ অৱসৰৰ পিছত এতিয়া সীমান্ত ৰক্ষীৰ কামত নতুন ঘোঁৰা মোতায়েনৰ বাবে প্ৰস্তাৱ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে।
লগতে চাওকঃ
