অসমঅসমীয়া

ধুমুহাৰ মাজতে বাঁহনিৰ তলত আশ্ৰয় লৈ মৃত্যুমুখত পৰিল ৪ যুৱতী-মহিলা

নিউজ ডেস্ক। বিগত ৪৮ ঘন্টাত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিধ্বংসী ধুমুহাই অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি কৰিছে।

ধুমুহাৰ তাণ্ডৱৰ মাজতে ডিব্ৰুগড় জিলাৰ টিংখঙত সংঘটিত হ’ল এক শােকাৱহ ঘটনা।

টিংখঙৰ খেৰণিত ধুমুহাৰ মাজতে বাঁহ বাগৰি পৰাত কৰুণ মৃত্যু ৪ যুৱতী-মহিলাৰ।

vlcsnap 2022 04 15 21h42m22s382

জানিব পৰা মতে, কবৰস্থান চাফা কৰি থাকোতেই হঠাত্‍ আহে প্ৰচণ্ড ধুমুহা।

ধুমুহাৰ ফলত বাঁহনিৰ তলত আশ্ৰয় লৈছিল কেউগৰাকীয়ে।

vlcsnap 2022 04 15 21h52m30s765

নিহতসকলৰ নামঃ এনি কুজুৰ (২৭), এল কুমাৰী ভেংৰা (৩৫), লাবন্য হৰ’ (১২) আৰু মণিকা ধান (১৮) বুলি জানিব পৰা গৈছে।

এই ঘটনাই বৃহত্তৰ অঞ্চলত গভীৰ শােকৰ ছাঁ পেলাইছে।

লগতে চাওকঃ

দুৰ্ঘটনাত পতিত হুঁচৰি গাবলৈ যোৱা বিহুৱা দলৰ বাহন! ৩ যুৱতীসহ ৫ জনৰ মৃত্যু

G4 12

Leave a Reply

Your email address will not be published. Required fields are marked *