অসমঅসমীয়া

BSF ৰ গুৱাহাটী ফ্ৰণ্টিয়াৰৰ মহাপৰিদৰ্শক হিচাপে কমলজিৎ সিং বন্যালৰ কাৰ্যভাৰ গ্ৰহণ

নিউজ ডেস্ক। সীমান্ত সুৰক্ষা বাহিনীৰ (বি এছ এফ)ৰ গুৱাহাটীৰ আজাৰা-পাটগাঁওস্থিত গুৱাহাটী ফ্ৰণ্টিয়াৰৰ মহাপৰিদৰ্শক (আই জি) হিচাপে সােমবাৰে কার্যভাৰ গ্ৰহণ কৰে ১৯৮৬ বেটছৰ বি এছ এফৰ বিষয়া কমলজিৎ সিং বন্যালে।

১৯৮৬ চনৰ ১৮ আগষ্টত বি এছ এফত এচিছটেণ্ট কমাণ্ডেন্ট হিচাপে বি এছ এফত কৰ্মজীৱন আৰম্ভ কৰা বন্যালে বিগত সময়চোৱাত ভাৰত-পাকিস্তান, ভাৰত-বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ বহু দুৰ্গম স্থানত কৰ্তব্য সম্পাদন কৰাৰ উপৰিও জম্বু-কাশ্মীৰত উগ্ৰপন্থী আৰু ওড়িষ্যাত নক্সাল বিৰোধী অভিযানত নিয়োজিত হৈছিল।

FUkLCj6acAAnAph

আনকি প্ৰধানমন্ত্ৰীকে ধৰি দেশৰ ভি ভি আই পি সকলৰ নিৰাপত্তাৰ দায়িত্বত থকা বিশেষ নিৰাপত্তা গোটটো ( এছ পি জি ) আগবঢ়োৱা বন্যালে বি এছ এফত কৃতিত্বপূৰ্ণ সেৱাৰ বাবে পুলিচ মেডেল লাভ কৰিছিল ।

আনহাতে কার্যভাৰ গ্ৰহণৰ পাছতে বন্যালে ভাৰত – বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ নিৰাপত্তাৰ দিশটোত অধিক মনোনিবেশ কৰাৰ লগতে সকলোৰে সহযোগিতাত সীমান্তত বাস কৰা ৰাইজৰ নিৰাপত্তাও বৃদ্ধি কৰিব বুলি সদৰি কৰিছে।

উল্লেখ্য যে ইয়াৰ পূৰ্বে তেওঁ ত্ৰিপুৰা স্থিত সীমান্ত সুৰক্ষা বাহিনীৰ ফ্ৰন্টিয়াৰৰ উপ-মহাপৰিদৰ্শক (ডিআইজি) হিচাপে কৰ্তব্যৰত আছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *