অসম

ভয়ংকৰ দুৰ্ঘটনা! নিয়ন্ত্ৰণ হেৰুৱাই ছুইফ্ট বাহনে খুন্দিয়ালে বিদ্যুতৰ টেন্সফৰমাৰত

এক ভয়ংকৰ পথ দুৰ্ঘটনা।

নিয়ন্ত্ৰণ হেৰুৱাই ছুইফ্ট বাহনে খুন্দিয়ালে বিদ্যুতৰ টেন্সফৰমাৰত

খুমটাইৰ ধোদৰ আলিত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো।

গোলাঘাট জিলাৰ খুমটাই আৰক্ষী চকীৰ অন্তৰ্গত ধোদৰ আলিত সোমবাৰে পুৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়।

এখন এএছ০৫ জে২১১৩ নম্বৰৰ মাৰুতি ছুইফট বাহন একখে এই দুৰ্ঘটনা সংঘটিত কৰে।

দুৰ্ঘটনাটোৰ ফলত আঘাতপ্ৰাপ্ত হয় ৬ গৰাকীকৈ লোক।

দুৰ্ঘটনাগ্ৰস্ত বাহনখন তিতাবৰৰ পৰা বৰুৱাগাঁও গৃহমুখি আছিল বাহনখন।

বাহনখনত আছিল চালকসহ পাঁচ গৰাকীকৈ মহিলা।

উল্লেখ্য বাহনখনে ট্ৰেন্সফৰমাৰত খুন্দিওৱাৰ ফলত খুমটাই অঞ্চলত প্ৰায় তিনিঘণ্টা ধৰি বিদ্যুৎ ব্যহত হৈ পৰে।

ঘটনাস্থলীত খুমটাই আৰক্ষী উপস্থিত হৈ আহতসকলক গোলাঘাট কুশল কোঁৱৰ অসমাৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *