স্বামীৰ সৈতে চেল্ফি তুলিবলৈ গৈ ঘটিল শােকাৱহ ঘটনা, পাহাৰৰ পৰা পিচলি পৰি নৱ বিবাহিতাৰ মৃত্যু

নিউজ ডেস্ক। বিবাহৰ পিছত স্বামীৰ সৈতে মধুচন্দ্ৰিকা যাপন কৰিবলৈ হিমাচললৈ গৈছিল জয়তা। কিন্তু পাহাৰীয়ে এলেকাত মধুৰ সময় অতিবাহিত কৰি ঘৰলৈ ঘূৰি আহিবলৈ সক্ষম ন’হল জয়তা।

স্বামীয়ে দাবী কৰা মতে, চেল্ফি তোলাৰ সময়ত গভীৰ খাদত পিচলি মৃত্যুক সাৱটি লয় নৱ বিবাহিতা যুৱতীগৰাকীয়ে।

p5 4
স্বামীৰ সৈতে চেল্ফি তুলিবলৈ গৈ ঘটিল শােকাৱহ ঘটনা, পাহাৰৰ পৰা পিচলি পৰি নৱ বিবাহিতাৰ মৃত্যু 5

অৱশ্যে জয়তাৰ এই ৰহস্যজনক মৃত্যুৰ তদন্তৰ দাবী জনাইছে পৰিয়ালৰ লোকে।

স্বামী ৰাহুল পোদ্দাৰে জানিবলৈ দিয়া মতে, কিন্নৌৰত তেওঁলোকে পাহাৰীয়া এলেকাত চেল্ফি তুলিবলৈ লওতেই হঠাৎ ৪০০-৫০০ ফুট গভীৰ খাৱৈত বাগৰি পৰে জয়তা।

স্বামীয়ে তেওঁক বচাবলৈ চেষ্টা কৰে যদিও মৃত্যুক সাৱটি লয় জয়তাই।

p3 5
স্বামীৰ সৈতে চেল্ফি তুলিবলৈ গৈ ঘটিল শােকাৱহ ঘটনা, পাহাৰৰ পৰা পিচলি পৰি নৱ বিবাহিতাৰ মৃত্যু 6

জানিব পৰা মতে, যোৱা ২০ ফেব্ৰুৱাৰীত বিবাহ পাশত আৱদ্ধ হৈছিল পশ্চিম বংগৰ আগৰপাৰা নৰ্থ ষ্টেছন ৰোড এলেকাৰ জয়তা দাস আৰু ডমডম পাইকপাৰাৰ ৰাহুল পোদ্দাৰ। বিবাহৰ পিছত কিছু ব্যক্তিগত মধুৰ সময় অতিবাহিত কৰাৰ বাবে তেওঁলোকে যোৱা ৪ মাৰ্চত হিমাচল প্ৰদেশলৈ যায়।

অৱশ্যে হিমাচলৰ পৰা নিয়মিত পৰিয়ালৰ সৈতে ফৌনিক যোগাযোগ ৰাখিছিল ৰাহুল আৰু জয়তাই।

জয়তাৰ পিতৃ যাদৱ চন্দ্ৰ দাসে জানিবলৈ দিয়া মতে, শুকুৰবাৰে সন্ধিয়া তেওঁলৈ ফোন কৰি জয়তাৰ মৃত্যুৰ বিষয়ে অৱগত কৰা হৈছিল।

p4 5
স্বামীৰ সৈতে চেল্ফি তুলিবলৈ গৈ ঘটিল শােকাৱহ ঘটনা, পাহাৰৰ পৰা পিচলি পৰি নৱ বিবাহিতাৰ মৃত্যু 7

তেওঁক জনোৱা মতে, নৱ দম্পত্তিহালে কিন্নৌৰৰ এটা খাদৰ কাষত ফটো তুলি থকাৰ সময়তে হঠাৎ জয়তা গভীৰ খাদত বাগৰি পৰে। যাৰ ফলত তেওঁৰ অধিক ৰক্তক্ষৰণ হয় আৰু মৃত্যু ঘটে।

ইতিমধ্যে জয়তাৰ পিতৃ-মাতৃ আৰু পৰিয়ালৰ আন আন সদস্য কিন্নৌৰলৈ ৰাওনা হৈছে। তেওঁলোকে হিমাচলৰ পৰা কন্যাৰ মৃতদেহ স্বগৃহলৈ ঘূৰাই আনিবলৈ স্থানীয় প্ৰশাসনৰ সহযোগিতা বিচাৰিছে।

জয়তাৰ মৃত্যুৰ কাৰণ সন্দৰ্ভতো ৰাজ্য চৰকাৰ আৰু স্থানীয় প্ৰশাসনক তদন্ত কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে।

লগতে চাওকঃ

মৃতপ্ৰায় এটি শিশুৰ কাষত ভগৱানৰ দৰে থিয় হ’ল ১০৮ৰ কৰ্মচাৰী, ৰক্ষা কৰিলে জীৱন

G4 9
স্বামীৰ সৈতে চেল্ফি তুলিবলৈ গৈ ঘটিল শােকাৱহ ঘটনা, পাহাৰৰ পৰা পিচলি পৰি নৱ বিবাহিতাৰ মৃত্যু 8

Leave a Comment