মৃতপ্ৰায় এটি শিশুৰ কাষত ভগৱানৰ দৰে থিয় হ’ল ১০৮ৰ কৰ্মচাৰী, ৰক্ষা কৰিলে জীৱন

নিউজ ডেস্ক। এটি কণমানিক মৃত্যুৰ পৰা ঘূৰাই আনি সামাজিক মাধ্যমত প্ৰশংসিত হৈ পৰিছে ১০৮ৰ এগৰাকী ইএমটি।

মৃতপ্ৰায় অচেতন হৈ পৰা এটি শিশুক মুখেৰে উশাহ প্ৰদান কৰি জীৱন ৰক্ষা কৰাৰ এটা ভিডিঅ’ ইতিমধ্যেই ভাইৰেল হৈ পৰিছে সামজিক মাধ্যমত।

p9
মৃতপ্ৰায় এটি শিশুৰ কাষত ভগৱানৰ দৰে থিয় হ’ল ১০৮ৰ কৰ্মচাৰী, ৰক্ষা কৰিলে জীৱন 4

জানিব পৰা মতে, শুকুৰবাৰে মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ দোৰাবন্ধাৰ এটি ডেৰ বছৰীয়া শিশু ঘৰতেই হঠাৎ অসুস্থ হৈ পৰে। শ্বাস-প্ৰশ্বাস বন্ধ হৈ পৰা শিশুটিক লগে লগে মৈৰাবাৰী গ্ৰাম্য চিকিৎসালয়লৈ লৈ আনে অভিভাৱকে।

হাস্পতালত শিশুটিক অক্সিজেন প্ৰদান কৰাৰ লগতে অন্যান্য চিকিৎসা সেৱা প্ৰদান কৰাৰ পিছতো শিশুটি সুস্থ হৈ নুঠাত পিছত ১০৮ যোগে মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

p7 2
মৃতপ্ৰায় এটি শিশুৰ কাষত ভগৱানৰ দৰে থিয় হ’ল ১০৮ৰ কৰ্মচাৰী, ৰক্ষা কৰিলে জীৱন 5

কিন্তু মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ আহি থকাৰ সময়তে ১০৮ৰ ভিতৰত শিশুটিৰ উশাহ-নিশাহ বন্ধ হৈ পৰাত পৰিয়ালৰ মাজত হাহাকাৰ লাগে।

কণমানি শিশুটিৰ মৃত্যু ঘটা বুলি পিতৃ-মাতৃ কান্দোনত ভাগি পৰাৰ সময়তে সেই সময়ত কৰ্তব্যৰত ১০৮ৰ ইএমটি ৰইচ উদ্দিন আহমেদ যেন ভগৱানৰ দৰে থিয় হয় শিশুটিৰ ওচৰত।

p8
মৃতপ্ৰায় এটি শিশুৰ কাষত ভগৱানৰ দৰে থিয় হ’ল ১০৮ৰ কৰ্মচাৰী, ৰক্ষা কৰিলে জীৱন 6

ৰইচ উদ্দিন আহমেদে শিশুটিক চিজাৰ দিয়াৰ লগতে নিজৰ মুখেৰে শিশুটিৰ মুখত উশাহ দিয়াত কিছু সময় পিছত শিশুটিৰ শ্বাস-প্ৰশ্বাস পুনৰ ঘূৰি আহে।

বৰ্তমান শিশুটি সম্পূৰ্ণৰূপে সুস্থ হৈ উঠা বুলি জানিব পৰা গৈছে।

এনেদৰে শিশুটিৰ জীৱন ৰক্ষা কৰা ৰইচ উদ্দিন আহমেদ এতিয়া চৰ্চিত হৈ পৰিছে সকলোতে। শিশুটিৰ পিতৃৃ-মাতৃৰ লগতে অনেক জনে কৃতজ্ঞতা জ্ঞাপন কৰিছে ১০৮ৰ ইএমটি ৰইচ উদ্দিন আহমেদক।

এই সমগ্ৰ ঘটনাৰ এটা ভিডিঅ’ও সামজিক মাধ্যমত দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে।

Leave a Comment