ৰহস্যজনক! পুখুৰীত উদ্ধাৰ মাতৃ-কন্যাৰ মৃতদেহ

নিউজ ডেস্ক। ৰাজ্যত (Assam) পুনৰ ৰহস্যজনকভাৱে মৃত্যু বিবাহিত মহিলাৰ (Suspicious Death)। পুখুৰীত (Pond) উদ্ধাৰ মহিলাগৰাকীৰ লগতে কণমানি কন্যা সন্তানৰ মৃতদেহ।

ঘটনাক লৈ তীব্ৰ চাঞ্চল্য নলবাৰী (Nalbari) জিলাৰ (District) দৌলাশাল আৰক্ষী চকীৰ অন্তৰ্গত লচিমা গাঁৱত।

জানিব পৰা মতে, মৃত ৰুণজুনি বেগম (২৪) নামৰ মহিলাগৰাকী গাঁওখনৰ বাসিন্দা আইনুল আলী পত্নী।

NE8 2a 1
ৰহস্যজনক! পুখুৰীত উদ্ধাৰ মাতৃ-কন্যাৰ মৃতদেহ 2

চুবুৰীয়া পৰিয়াল এটিৰ ঘৰৰ পিচফালৰ পুখুৰীত উদ্ধাৰ হয় দুই মাতৃ-কন্যাৰ মৃতদেহ।

প্ৰাপ্ত বাতৰি অনুসৰি, মংগলবাৰে স্বামী-স্ত্ৰীৰ মাজত এটা ম’বাইল ফোনক কেন্দ্ৰ কৰি কাজিয়াৰ সূত্ৰপাত হৈছিল। তাৰ পিচৰে ৰহস্যজনকভাৱে আইনুলৰ পত্নী ৰুণজুনি বেগম (২৪) চাৰি বছৰীয়া সন্তানটিক লগত সন্ধানহীন হয়।

পিছত বুধবাৰে পুৱা মাতৃ আৰু কন্যাৰ মৃতদেহ চুবুৰীয়া পৰিয়াল এটিৰ ঘৰৰ পিচফালৰ পুখুৰীত উদ্ধাৰ হয়। এই খবৰ বিয়পি পৰাৰ লগে লগে হাহাকাৰ লাগে গাওঁখনত।

লগতে চাওকঃ নিৰ্লজ্জ কাণ্ড! দুই পিতৃহাৰা ভগ্নীক যৌন নিৰ্যাতন চলাই ৰঙাঘৰৰ আলহী হ’ল শিক্ষক…

এই খবৰ লাভ কৰি সমীপৱৰ্তী মুগদি-সোনপুৰস্থিত মহিলাগৰাকীৰ মাতৃগৃহৰ লোকে আত্মীয় স্বজনসহ ঘটনাস্থলীত উপস্থিত হৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে।

পিছত আৰক্ষীৰ উপস্থিতিত বৰক্ষেত্ৰীৰ কাৰ্যবাহী দণ্ডাধীশৰ উপস্থিতিত মৃতদেহ দুটা মৰণোত্তৰ পৰীক্ষাৰ বাবে নলবাৰীলৈ প্ৰেৰণ কৰা হয়।

মহিলাগৰাকীৰ স্বামীৰ পৰিয়ালে এই ঘটনাক আত্মহত্যা বুলি দাবী কৰিছে যদিও মাতৃৰ পৰিয়ালে এই ঘটনাক পৰিকল্পিত হত্যাকাণ্ড বুলি দাবী কৰিছে। এনে পৰিপ্ৰেক্ষিততে আৰক্ষীয়ে আইনুক আলীক আটক কৰা বুলি জানিব পৰা গৈছে।

অৱশ্যে আৰক্ষীৰ তদন্ত আৰু মৰণোত্তৰ পৰীক্ষা প্রতিবেদনৰ পিচতহে পোহৰলৈ ঘটনাৰ প্ৰকৃত ৰহস্য।

উল্লেখ্য যে প্ৰায় ৫ বছৰ পূৰ্বে ৰুণজুনি বেগমৰ সৈতে আইনুল আলীৰ প্রেমসূত্রে বিবাহ সম্পন্ন হৈছিল।

Click to follow our Facebook PageTwitterYouTube and Instagram. Our WhatsApp No. 60004-66608

লগতে চাওকঃ কইনাৰ সাজ পিন্ধা নহ’ল কৰৱীৰ, বিয়াৰ এপষেক পূৰ্বে ঘটিল এই ঘটনা…

Leave a Comment