অসমঅসমীয়া

Assam News : কইনাৰ সাজ পিন্ধা নহ’ল কৰৱীৰ, বিয়াৰ এপষেক পূৰ্বে ঘটিল এই ঘটনা…

Assam News: অহা ৯ অক্টােবৰত ঠিক হৈছিল কৰৱীৰ বিয়াৰ দিন

এক অকল্পনীয় ঘটনা।

কইনাৰ সাজ পিন্ধাৰ পূৰ্বেই এই সংসাৰৰ পৰা অকালতে বিদায় ল’লে কৰৱী তালুকদাৰে।

অহা ৯ অক্টােবৰত বিয়াৰ দিন ঠিক হৈছিল নলবাৰীৰ বালিকৰিয়া গাঁৱৰ কলনি চুবুৰীৰ অশােক তালুকদাৰ আৰু জুনু তালুকদাৰৰ দ্বিতীয়া কন্যা কৰৱীৰ।

সমীপৰে বালিকৰিয়া নদীৰ পাৰ চুবুৰিৰ খগেন দত্তৰ পুত্ৰ ৰুবুল দত্তৰ সৈতে যুগ্ম জীৱনৰ পাতনি মেলাৰ কথা আছিল কৰৱীৰ।

বিয়াৰ বাবে ইতিমধ্যে পূৰ্ণ গতিত চলিছিল প্রস্তুতিও। আত্মীয়-স্বজন, বন্ধু-বান্ধৱীক বিয়াৰ নিমন্ত্রণ দিয়া কার্যও চলি আছিল পূর্ণোদ্যমে।

Karabi Talukdar

কৰৱী তালুকদাৰ

কিন্তু বিধিৰ বিপাক! কইনাৰ সাজ পিন্ধাৰ পূৰ্বেই কোনোদিনে উভতি নহাৰ বাটেৰে গুচি গ’ল ২৫ বছৰীয়া কৰৱী।

হৃদৰােগত আক্ৰান্ত হৈ শনিবাৰে পুৱা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যুক সাৱটি লয় কৰৱীয়ে।

যুৱতীগৰাকীৰ এনে অকাল বিয়োগৰ খবৰ বিয়পি পৰা লগে লগে বৃহত্তৰ অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰিছে।

স্থানীয় ৰাইজ, আত্মীয়- স্বজনৰ উপস্থিতিত যুৱতীগৰাকীৰ মৃতদেহ বালিকৰিয়া ৰাজহুৱা শ্মশানত সৎকাৰ কৰা হয়।

লগতে চাওকঃ যমজ সন্তানৰ জন্মৰ আনন্দৰ মাজতে ৰেহেনাজৰ পৰিয়াললৈ নামিল কাল অমানিশা…

Assam News Mother of Twin Dies

Leave a Reply

Your email address will not be published. Required fields are marked *