ভয়ংকৰ অগ্নিকাণ্ড! নিমিষতে জ্বলি ভষ্মীভূত ব্লিচিং পাউডাৰভৰ্তি ৫খনকৈ ট্ৰাক

নিউজ ডেস্ক। শুকুৰবাৰে পুৱতি নিশা বাংলাদেশৰ বেনাপোল বন্দৰত সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা।
হৰিদাসপুৰ (পেট্ৰাপোল)ৰ সীমান্তৰ সিপাৰে সংঘটিত জুইত ব্লিচিং পাউডাৰ ভৰ্তি পাঁচখন ট্ৰাক ভস্মীভূত হয়।
ভাৰতৰ পৰা আমদানি কৰা পাঁচখন ট্ৰাক বেনাপোল বন্দৰৰ টিটিআই খেলপথাৰত আনলোড কৰাৰ বাবে অপেক্ষা কৰি থকাৰ সময়তে প্ৰথমে এখন ট্ৰাকত জুইৰ সূত্ৰপাত ঘটে।

তাৰ পিছতে ট্ৰাকখনৰ কাষত ৰখাই থোৱা আন ৪ খন ট্ৰাকলৈও জুই বিয়পি পৰাত নিমিষতে আটাইকেইখন ট্ৰাক জ্বলি ভষ্মীভূত হয়। অত্যাধিক গৰমৰ বাবে এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে।
অগ্নিকাণ্ড সংঘটিত হোৱাৰ পিছত বেনাপোল অগ্নি নিৰ্বাপক সেৱাৰ তিনিটা গোটে তিনি ঘণ্টাৰ নিৰন্তৰ প্ৰচেষ্টাৰ পিছত জুই নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হয়। ব্লিচিং ভৰ্তি ট্ৰাকত কি কাৰণত জুই লাগিছিল সেই বিষয়ে অনুসন্ধান কৰা হৈছে।
ইফালে অগ্নিকাণ্ডক কেন্দ্ৰ কৰি বন্দৰত এক আতংকময় পৰিৱেশৰ সৃষ্টি হয়। বন্দৰত আমদানি সামগ্ৰী কঢ়িয়াই অনা বহুতো ভাৰতীয় ট্ৰাকৰ চালকসকলে আতংকিত হৈ বন্দৰৰ বাহিৰলৈ ওলাই আহে।
অৱশ্যে সময়মতে অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হোৱাৰ পৰিপ্ৰেক্ষিতত এক ভয়ংকৰ দুৰ্ঘটনা প্ৰতিৰোধ কৰিবলৈ সক্ষম হয়।
বন্দৰৰ নিৰাপত্তাৰক্ষী আৰু আন সকলে প্ৰকাশ কৰা মতে, ভাৰতৰ পৰা আমদানি কৰা ব্লিচিং পাউডাৰভৰ্তি ৫খন ট্ৰাক কেইবাদিনো ধৰি বন্দৰৰ টিটিআই খেলপথাৰত ৰখাই থোৱা হৈছিল আৰু আনলোডিঙৰ বাবে অপেক্ষা কৰি আছিল।
বেনাপোল বন্দৰৰ উপ-সঞ্চালক (যান-বাহন) মামুন কবিৰ তোৰদাৰে প্ৰকাশ কৰা মতে, ব্লিচিং পাউডাৰ পানী দিয়া হ’লে বা অত্যাধিক গৰমৰ বাবে জুই সাধাৰণতে ধৰা পৰে।
বেনাপোল ফায়াৰ চাৰ্ভিচ ষ্টেচনৰ মাষ্টাৰ ৰতন কুমাৰ দেৱনাথে জানিবলৈ দিয়া মতে, তিনি ঘণ্টাৰ নিৰন্তৰ প্ৰচেষ্টাৰ পিছত অগ্নি নিৰ্বাপক সেৱাৰ তিনিটা গোটে জুই নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হয়।
লগতে চাওকঃ
বিমানৰ ভিতৰত মধ্য আকাশত জ্বলি উঠিল যাত্ৰীৰ মোবাইল ফোন, তাৰ পিছত…
