ATMৰ পৰা টকা নহয়, এতিয়াৰ পৰা পচন্দৰ ইডলিও লাভ কৰিব খাদ্যৰসিকে! ভাইৰেল ইডলি ভেণ্ডিং এটিএমৰ ভিডিঅ’…

নিউজ ডেস্কঃ দক্ষিণ ভাৰতৰ অন্যতম প্ৰিয় খাদ্য সমূহৰ ভিতৰত এটা হৈছে ইডলি।

জনপ্ৰিয় খাদ্যবিধক এইবাৰ ভেণ্ডিং মেচিনৰ সহায়ত সম্পূৰ্ণ স্বয়ংক্ৰিয় পদ্ধতিৰে গ্ৰাহকক যোগান ধৰিবলৈ এক অভিনৱ পন্থা হাতত লৈছে ফ্ৰেশ্বট ৰব’টিকছ নামৰ বাংগালুৰৰ এটা ব্যৱসায়িক প্ৰতিষ্ঠানে।

‘ইডলি এটিএম’ নামেৰে নামকৰণ কৰা এই বিশেষ পদ্ধতিৰে গ্ৰাহকে এতিয়া সাধাৰণ এটিএম মেচিনৰ পৰা টকা উলিওৱাৰ দৰে কিউআৰ ক’ড স্কেন কৰি মাত্ৰ কেই ছেকেণ্ডমানৰ ভিতৰতে লাভ কৰিব সুস্বাদু আৰু গৰম গৰম ইডলি।

সামাজিক মাধ্যমত ইতিমধ্যে ভাইৰেল হৈ পৰিছে ইডলি মেচিনৰ এটা ভিডিঅ’।

এই ইডলি মেচিনত এপ্লিকেচন ক’ড স্কেন কৰি অনলাইন পে’ কৰি পচন্দৰ ইডলি অৰ্ডাৰ দিব পাৰিব গ্ৰাহকে।

মাত্ৰ ৫৬ ছেকেণ্ডৰ ভিতৰত এই মেছিনত স্বয়ংক্ৰিয়ভাৱে গ্ৰাহকৰ পচন্দৰ ইডলি প্ৰস্তুত কৰি চাম্ভাৰ আৰু চাটনিৰ লগত পৰিৱেশন কৰা হয়।

ফ্ৰেশ্বট ৰবটিক্স দলৰ এক বিবৃতি অনুসৰি, এটা ব্যৱসায়ৰ বাবে দুটা ইডলিবট আৰু এটা চাটনী-ছাম্বাৰ বটৰ নূন্যতম প্ৰয়োজন হয়, যাৰ বাবে ব্যয় হয় প্ৰায় ৩০ লাখ টকা।

কিন্তু এই ইডলি মেছিনৰ সহায়ত অতি কম খৰছত ব্যৱসায় আৰম্ভ কৰি কম সময়ৰ ভিতৰত গ্ৰাহকক পৰিৱেশন কৰাব পৰা যায়।

বাতৰি অনুসৰি, ২০১৬ চনত ফ্ৰেশ্বট ৰবটিক্সৰ প্ৰতিষ্ঠাপক শৰণ হাইৰেমথে এই ইডলি মেছিনৰ পৰিকল্পনা কৰিছিল।

তিনি বছৰৰ পাছত তেওঁ প্ৰডাক্ট ডিজাইনৰ অভিজ্ঞতা থকা মেকানিকেল ইঞ্জিনিয়াৰ সুৰেশ চন্দ্ৰশেখৰণৰ সৈতে প্ৰট’টাইপৰ কাম আৰম্ভ কৰে।

২০২৩ চনৰ ২ এপ্ৰিলত এই প্ৰডাক্টটো বজাৰত মুকলি কৰাৰ কথা আছে।