পাৰিবাৰিক কন্দ্বলৰ ভয়ংকৰ পৰিণতি! কৰ্মস্থলীৰ পৰা ছুটী লৈ ঘৰলৈ আহি এই কাৰ্য কৰিলে CRPF জোৱান হেমাংগ কলিতাই…

নিউজ ডেস্কঃ পত্নীৰ সৈতে নিতৌ সংঘটিত কাজিয়াৰ পৰিণতিতে জীৱনৰ চৰম সিদ্ধান্ত বাচি ল’লে বজালী জিলাৰ এগৰাকী চিআৰপিএফ জোৱানে।

দেওবাৰে ৰতনপুৰৰ নিৱাসী চিআৰপিএফ জোৱান হেমাংগ কলিতাই নিজ গৃহত চিপ লৈ আত্মহত্যা কৰাৰ ঘটনাই পৰিয়ালৰ লগতে সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।

ইতিমধ্যে হেমাংগৰ পৰিয়ালে দিয়া এজাহাৰৰ ভিত্তিত পাটাছাৰকুছি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে চিআৰপিএফ জোৱানজনৰ পত্নীক।

জানিব পৰা মতে, প্ৰায় ৯ বছৰ পূৰ্বে বিবাহ পাশত আৱদ্ধ হৈছিল হেমাংগ কলিতা। কিন্তু বিয়াৰ পিছৰে পৰা পত্নীৰ সৈতে বিভিন্ন কাৰণত কাজিয়া হৈছিল হেমাংগৰ।

photo1666006357
পাৰিবাৰিক কন্দ্বলৰ ভয়ংকৰ পৰিণতি! কৰ্মস্থলীৰ পৰা ছুটী লৈ ঘৰলৈ আহি এই কাৰ্য কৰিলে CRPF জোৱান হেমাংগ কলিতাই… 2

এটি ৮ বছৰীয়া পুত্ৰ সন্তানৰ পিতৃ চিআৰপিএফ জোৱান হেমাংগই শনিবাৰে কৰ্মস্থলী গোলাঘাটৰ পৰা ছুটী লৈ ঘৰলৈ অহাৰ পিছতে পত্নীৰ সৈতে পুনৰ কাজিয়া আৰম্ভ হয়।

তাৰ পিছতে মানসিকভাৱে ভাগি পৰা হেমাংগই ঘৰৰ ভিতৰত চিপ লৈ আত্মহত্যা কৰে।

ইফালে হেমাংগৰ নশ্বৰ দেহ দেওবাৰে মৰণোত্তৰ পৰীক্ষাত অন্তত স্বগৃহলৈ অনাৰ পিছতে সৃষ্টি হয় এক শোকাকুল পৰিৱেশৰ।

চিআৰপিএফৰ বিষয়াসকলে মৃত জোৱানজনক শেষ শ্ৰদ্ধা জ্ঞাপন কৰাৰ পিছত সামৰিক মৰ্যাদাৰে সম্পন্ন কৰা হয় শেষকৃত্য।