অসমঅসমীয়া

Assam News পৌৰসভাৰ ‘মৰণফান্দ’ত পৰি প্ৰাণ গ’ল অৱসৰী আৰক্ষী বিষয়াৰ

Assam News : পাঠশালা পৌৰসভাৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ

নিউজ ডেস্ক। ৰাজ্যত পুনৰ উন্মুক্ত নলাত পৰি শােকাৱহভাৱে মৃত্যু ঘটিল এজন লােকৰ। এইবাৰ মৃত্যুমুখত পৰিল এগৰাকী অৱসৰী আৰক্ষী বিষয়া।

এইবাৰ ঘটনাৰ স্থান বজালী সদৰ পাঠশালা পৌৰসভা। মৃত লােকজনৰ নাম অশ্বিনী কুমাৰ ঠাকুৰীয়া (৭৪), ঘৰ পাঠশালাত।

এই ঘটনাক লৈ সােমবাৰে পুৱাৰে পৰা উত্তাল হৈ পৰে বৃহত্তৰ পাঠশালা অঞ্চল।

জানিব পৰা মতে, বিগত কিছুদিন ধৰি পাঠশালাৰ কলেজ ৰোডৰ ইউনিয়ন বেঙ্কৰ সমীপথত পদপথৰ এখন প্লেট ভাঙি পৰিছিল। ইয়াৰ ফলত স্থানীয় লােক সমস্যাৰ অসুবিধাৰ সন্মুখীন হৈছিল।

vlcsnap 2023 09 26 01h33m00s001

এই পথছোৱা অতি বিপদ সংকুল হৈ পৰাত স্থানীয় সচেতন লােকে এই বিষয়ে পাঠশালা পৌৰসভাক এই বিষয়ে অৱগত কৰি বিহিত ব্যৱস্থা ল’বলৈ আহ্বান জনায় যদিও পৌৰসভা কৰ্তৃপক্ষই এই বিষয়ে কোনো কাণসাৰ নিদিলে।

CorrectColor 1 20230925

এনে গাফিলতিৰ কৰুণ পৰিণতিতে সােমবাৰে পুৱাৰ ভাগতে প্রাতভ্ৰমণলৈ আহি পাঠশালা নিৱাসী অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া অশ্বিনী ঠাকুৰীয়াই নলাত পৰি প্ৰাণ হেৰুৱাবলগীয়া হয়।

লগতে চাওকঃ বন্যপ্রাণী পুনৰ সংস্থাপন কেন্দ্ৰত সৰ্প দংশনত গঁড় পোৱালিৰ মৃত্যু

জানিব পৰা মতে, দীৰ্ঘ সময় ধৰি নলাত আবদ্ধ হৈ থকা লােকজনক দিনৰ প্ৰায় ১০ মান বজাত স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে আৰু নলাৰ পৰা সংকটজনক অৱস্থাত উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

এই ঘটনাৰ খবৰ লাভ কৰি একাংশ ক্ষুব্ধ ৰাইজ আৰু ব্যৱসায়ীয়ে পাঠশালা পৌৰসভাৰ বিৰুদ্ধে প্ৰতিবাদমুখন হৈ পৰাৰ লগতে পাঠশালাৰ কলেজ ৰোডটো অৱৰোধ কৰি সম্পূৰ্ণৰূপে যাতায়াত বন্ধ কৰি দিয়ে।

উল্লেখ্য যে অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া অশ্বিনী কুমাৰ ঠাকুৰীয়াই বৰপেটা ফকৰুদ্দিন আলি আহমেদ চিকিসালয়ত শেষ নিশ্বাস ত্যাগ কৰে।

লগতে চাওকঃ

সদ্যনিযুক্তি প্ৰাপ্ত শিক্ষয়িত্ৰী কংকনা শৰ্মাৰ অকাল বিয়ােগ

কংকনা শৰ্মা
WhatsApp Channel Button 1

Leave a Reply

Your email address will not be published. Required fields are marked *