অসমঅসমীয়া

নতুনকৈ ক্ৰয় কৰা গাড়ীয়েই যেন কাল হ’ল নিৰ্মলৰ, দুৰ্ঘটনাত বন্ধুসহ হেৰুৱালে প্ৰাণ

নিউজ ডেস্ক। এক অতি মৰ্মান্তিক ঘটনা!

নতুনকৈ ক্ৰয় কৰা গাড়ীয়েই যেন কাল হ’ল এগৰাকী যুৱ ব্যৱসায়ীৰ, ভয়ংকৰ পথ দুৰ্ঘটনাত বন্ধুসহ প্ৰাণ হেৰুৱালে যুৱ ব্যৱসায়ীজনে।

এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হ’ল আন দুজন বন্ধু।

এই দুৰ্ঘটনাৰ স্থান বৰপেটাৰােডৰ শিমলাগুৰি।

Barpeta Road Accident 2

জানিব পৰা মতে, সৰভোগৰ নিৰ্মল দাস নামৰ এজন যুৱ ব্যবসায়ীয়ে বুধবাৰে এখন অল্ট’ কে টেন বাহন ক্ৰয় কৰিছিল। সিদিনাই নিশা বাহন ক্ৰয়ৰ আনন্দত নির্মলে আন চাৰিজন বন্ধুৰ সৈতে হাউলীলৈ ফুৰিবলৈ গৈছিল।

তাত নিশাৰ আহাৰ গ্ৰহণ কৰি ঘৰলৈ ওভতাৰ পথত নিশা প্রায় ১২.১০ মান বজাত বৰপেটাৰোডৰ শিমলাগুৰিৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এখন ডাম্পাৰৰ সৈতে তেওঁলােকৰ অল্ট’ কে টেন বাহনৰ সংঘৰ্ষ হয়।

এই দুৰ্ঘটনা ইমানেই ভয়াৱহ আছিল যে বাহনখন ধ্বংসপ্ৰায় হয়।

Barpeta 2
দুই বন্ধু নিৰ্মল দাস (বাওঁফালৰ) আৰু ঋতুমণি ৰায়

এই দুৰ্ঘটনাত সৰভােগৰ টেঙাপুখুৰীৰ নিৰ্মল দাস (29, পিতা-ভৱানীপ্ৰসাদ দাস) আৰু সৰভােগৰ আহােম পথাৰৰ ঋতুমণি ৰায় (33, পিতা-বিনােদ চন্দ্ৰ ৰায়)ৰ থিতাতে মৃত্যু ঘটে।

এই দুৰ্ঘটনাত জিতুমণি ৰায়, দীপজ্যোতি ৰায় আৰু জুৱেলজ্যোতি ৰায় নামৰ ৩ যুৱক গুৰুতৰভাৱে আহত হয়।

এই দুর্ঘটনাৰ খবৰে সৰভোগত শোকৰ ছাঁ পেলাইছে।

উল্লেখযোগ্য যে দুর্ঘটনাত নিহত নির্মল দাসে অলপতে নতুনকৈ পাৰ্লাৰৰ ব্যৱসায় আৰম্ভ কৰিছিল।

আনহাতে, ক্ষুদ্র ব্যবসায়ী ঋতুমণি ৰায় এটা শিশু সন্তানৰ পিতৃ।

লগতে চাওকঃ চিকিৎসাত গাফিলতি! সৰ্প দংশনত প্ৰাণ গ’ল ৫ বছৰীয়া কণমানি ঈশানীৰ

Snakebite Nalbari 1

Leave a Reply

Your email address will not be published. Required fields are marked *