চিকিৎসাত গাফিলতি! সৰ্প দংশনত প্ৰাণ গ’ল ৫ বছৰীয়া কণমানি ঈশানীৰ

নিউজ ডেস্ক। এক অতি কৰুণ ঘটনা।

সময়মতে উপযুক্ত চিকিৎসা লাভ নকৰাৰ বাবেই সৰ্প দংশনত কৰুণভাৱে মৃত্যুক আঁকােৱালি ল’লে এগৰাকী ৫ বছৰীয়া কণমানীয়ে।

এই ঘটনাৰ স্থান নলবাৰী।

Snakebite 1
চিকিৎসাত গাফিলতি! সৰ্প দংশনত প্ৰাণ গ’ল ৫ বছৰীয়া কণমানি ঈশানীৰ 2

জানিব পৰা মতে, যােৱা ৩ অক্টাবৰত নলবাৰীৰ তন্ত্ৰশংকৰাৰ নিবাসী ৰাজু ডেকা আৰু চিমি ডেকাৰ একমাত্ৰ কন্যা সন্তান ঈশানী কাশ্যপক নিজ ঘৰতে সৰ্পই দংশন কৰিছিল।

পৰিয়ালৰ লােকে কণমানী ঈশানীক নলবাৰী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰে যদিও ক্ৰমাৎ অৱস্থাত গুৰুতৰ হৈ পৰে।

পিছদিন পুৱা চিকিৎসকে ঈশনীক জিএমচিএইচ হাস্পতাললৈ নিবলৈ পৰামৰ্শ দিয়াত তাইক জিএমচিএইলৈ নিয়া হয়।

কিন্তু দুৰ্ভাগ্যবশতঃ জিএমচিএইচ হাস্পতালতে প্ৰাণ ত্যাগ কৰে ঈশানীয়ে।

পৰিয়ালৰ লােকে প্ৰকাশ কৰা অনুসৰি, নলবাৰী চিকিৎসা মহাবিদ্যালয় হাস্পতালত এন্টি ভেনম নিদিয়াৰ বাবেই ঈশানীৰ প্ৰাণৰক্ষা নহ’ল।

এই ঘটনাই অঞ্চলজুৰি তীব্ৰ শােকৰ ছাঁ পেলাইছে।

সচেতন লােকে এই ঘটনা উচিত তদন্ত কৰি চিকিৎসাত গাফিলতি কৰাসকলৰ বিৰুদ্ধে বিহিত ব্যৱস্থা লােৱাৰ চৰকাৰক দাবী জনাইছে।

Leave a Comment