নিউজ ডেস্ক। এক দুখবৰ।
কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী চমুকৈ চিআৰপিএফত কৰ্মৰত অসমৰ জােৱানৰ জম্মু-কাশ্মীৰত মৃত্যু।
মৃত জােৱানজন কামৰূপৰ কুলহাটীৰ গৌতম দাসৰ (৪০)।

জানিব পৰা মতে, কিছুদিন পূৰ্বে কৰ্মৰত অৱস্থাতে জােৱানজন মাৰাত্মক ডেংগু জ্বৰত আক্রান্ত হয়।
তেওঁক চিকিৎসালয়ত ভর্তি কৰােৱা হয় যদিও চিকিৎসাধীন অৱস্থাতে তেওঁৰ শেষ নিস্বাস ত্যাগ কৰে।
তেওঁৰ মৃতদেহ বিমানযোগে ঘৰলৈ অনা হয়। ইয়াৰ পিছত শোকাকুল পৰিৱেশৰ মাজত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হয়।
মৃত্যুৰ সময়ত গৌতম দাসে পত্নী, দুই কন্যা আৰু পৰিয়ালবৰ্গক ইহসংসাৰত এৰি থৈ যায়।









