অসমীয়াৰাষ্ট্ৰীয়

এটা যুগৰ অৱসান! কিয় নেপথ্য সংগীতক বিদায় জনালে অৰিজিত সিঙে?

মুম্বাইঃ সংগীত অনুৰাগীক স্তম্ভিত কৰি মঙলবাৰে এক চাঞ্চল্যকৰ ঘোষণা কৰে জনপ্ৰিয় কণ্ঠশিল্পী অৰিজিত সিঙে। ভাৰতীয় সংগীত জগতৰ অন্যতম শ্ৰেষ্ঠ কণ্ঠ হিচাপে পৰিচিত শিল্পীগৰাকীয়ে নেপথ্য কণ্ঠশিল্পী হিচাপে নিজৰ কেৰিয়াৰৰ যৱনিকা পেলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ছ’চিয়েল মিডিয়াৰ জৰিয়তে তেওঁ এই কথা ৰাজহুৱা কৰাৰ লগে লগে দেশজুৰি সৃষ্টি হয় তীব্ৰ প্ৰতিক্ৰিয়াৰ।

নিজৰ বক্তব্যত অৰিজিতে কৃতজ্ঞতাৰে কয়- “মই আনন্দেৰে ঘোষণা কৰিব বিচাৰোঁ যে এতিয়াৰেপৰা মই নেপথ্য কণ্ঠশিল্পী হিচাপে কোনো নতুন কাম গ্ৰহণ নকৰোঁ। মই এই যাত্ৰা ইয়াতেই সমাপ্ত কৰিছোঁ। এইটো এটা অতি সুন্দৰ যাত্ৰা আছিল।” শ্ৰোতাসকলৰ পৰা লাভ কৰা অপৰিসীম মৰমৰ বাবে তেওঁ কৃতজ্ঞতা প্ৰকাশ কৰাৰ লগতে এয়া তেওঁৰ পেছাগত জীৱনৰ এক নতুন মোৰ বুলি অভিহিত কৰে।

ইফালে নেপথ্য সংগীতৰ পৰা অৱসৰ ল’লেও সংগীতৰ চৰ্চা তেওঁ কেতিয়াও ত্যাগ নকৰে বুলি অনুৰাগীক আশ্বাস প্ৰদান কৰে। এগৰাকী শিকাৰু শিল্পী হিচাপে ভৱিষ্যতে অধিক কাম কৰাৰ ইচ্ছা প্ৰকাশ কৰি তেওঁ কয়- “স্পষ্টকৈ ক’ব বিচাৰোঁ, মই সংগীত সৃষ্টি কেতিয়াও বন্ধ নকৰোঁ।” সংগীতৰ জগতখনত এজন স্বাধীন শিল্পী হিচাপে নিজকে পুনৰ আৱিষ্কাৰ কৰাৰ লক্ষ্যৰেই তেওঁ এই সাহসী পদক্ষেপ গ্ৰহণ কৰিছে।

ইফালে পূৰ্বে চুক্তিবদ্ধ হোৱা কামসমূহ তেওঁ সম্পূৰ্ণ কৰিব বুলিও উল্লেখ কৰে। আগতে লোৱা প্ৰতিশ্ৰুতিসমূহ ৰক্ষা কৰি এই বৰ্ষৰ শেষৰ ফালে তেওঁৰ কণ্ঠত কেইটামান নতুন গীত মুক্তি পোৱাৰ সম্ভাৱনা আছে। উল্লেখ্য যে অৰিজিৎ সিঙৰ এই অপ্ৰত্যাশিত ঘোষণাই বলীউডৰ লগতে সমগ্ৰ সংগীত উদ্যোগতে এক শূন্যতাৰ সৃষ্টি কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *