APSC-ৰ ২০১৪ চনৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ তদন্তৰ বাবে এজনীয়া তদন্ত আয়োগ গঠন

অসম লোক সেৱা আয়োগৰ (এপিএছচি)২০১৪ চনৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাত সৃষ্টি হোৱা বিসংগতি আৰু অসদাচৰণৰ অভিযোগৰ তদন্তৰ বাবে তদন্ত আয়োগ গঠন।

অসম চৰকাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লব কুমাৰ শৰ্মাৰ নেতৃত্বত এজনীয়া তদন্ত আয়োগ গঠন কৰিছে।

অসম চৰকাৰৰ কেবিনেটৰ অনুমোদনৰ পিছতেই গঠন কৰা হৈছে এই আয়োগ।

বিপ্লৱ কুমাৰ শৰ্মা আয়োগে চিচিই-২০১৪ পৰীক্ষাৰ বিসংগতি আৰু অসদাচৰণৰ অভিযোগৰ তদন্ত কৰিব।

প্ৰাৰ্থী বাছনিৰ সমগ্ৰ প্ৰক্ৰিয়া, কৰ্মচাৰী আৰু প্ৰাৰ্থীসহ এপিএছচিৰ অধ্যক্ষ আৰু অন্যান্য সদস্যৰ ভূমিকাৰ বিষয়ে অনুসন্ধান কৰিব এই আয়োগে।

অনুসন্ধানৰ অন্তত যদি কিবা দায়িত্ব, দোষ, অসদাচৰণ আদি থাকে তেন্তে সেইবোৰ ঠিক কৰিব লাগিব।

পৰীক্ষাৰ প্ৰশ্ন নিৰ্ধাৰকসকলৰ অৰ্হতা, দক্ষতা আৰু তেওঁলোকক অসম লোক সেৱা আয়োগে সঠিক ভাৱে প্ৰশিক্ষণ দিছিল নে নাই সেই বিষয়েও তদন্ত কৰিব।

প্ৰশ্ন প্ৰস্তুত কৰা প্ৰণালী সঠিক আছিল নে নাই সেই বিষয়েও অনুসন্ধান কৰিব।

আয়োগে কি আৰ্হিত ভাইভা-ভইচ/ ইণ্টাৰভিউ অনুষ্ঠিত কৰে তাৰো অনুসন্ধান কৰিব এজনীয়া তদন্ত আয়োগে।

এজনীয়া তদন্ত আয়োগে ২০ মে’ৰ পৰা অহা ছয়মাহৰ ভিতৰত ইয়াৰ প্ৰতিবেদন অসম চৰকাৰক দাখিল কৰিব লাগিব।

Leave a Comment