অসম

কাৰ্বি স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনঃ ২২ টা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ তালিকা ঘোষণা কংগ্ৰেছৰ

কাৰ্বি স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনক লৈ তৎপৰ হৈছে শাসক-বিৰোধী।

কাৰ্বি স্বায়ত্ত শাসিত পৰিষদত অকলেই ৰণত নামিব কংগ্ৰেছ দল।

পৰিষদৰ ২৬ টা সমষ্টিতেই প্ৰাৰ্থীত্ব প্ৰদান কৰিব কংগ্ৰেছে।

শুকুৰবাৰে কংগ্ৰেছে ঘোষণা কৰিলে প্ৰথমখন প্ৰাৰ্থী তালিকা।

প্ৰথম তালিকাত মুঠ ২২ টা সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰে দলটোৱে। আনহাতে শীঘ্রেই ঘোষণা কৰিব আন ৪টা সমষ্টিৰ প্রাৰ্থীৰ নাম।

%E0%A6%A3%E0%A6%A6%E0%A6%B2%E0%A7%81%E0%A7%80%E0%A6%BE%E0%A7%87%E0%A7%87

শুকুৰবাৰে ৰাজীৱ ভৱনত আয়োজন কৰা এখন সংবাদমেলত দলটোৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰে।

স্ক্ৰীনিং কমিটি তথা জিলা সমিতি, প্ৰদেশ কংগ্ৰেছ, মহিলা কংগ্ৰেছ, যুৱ কংগ্ৰেছৰ লগতে বিভিন্ন লোকৰ পৰামৰ্শৰ ভিত্তিত প্ৰাৰ্থী নিৰ্বাচন কৰা হৈছে বুলিও কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে প্ৰকাশ কৰে।

এইবাৰৰ নিৰ্বাচনত কংগ্ৰেছ দলে কোনো দলৰ সৈতে মিত্ৰতা নকৰে বুলি স্পষ্টভাৱে মন্তব্য কৰি নিৰ্বাচনত ৰাইজে কংগ্ৰেছৰ পক্ষত ভোটদান সাব্যস্ত কৰিব বুলি গভীৰ আত্মবিশ্বাসেৰে কয়।

আনহাতে কাৰ্বি পৰিষদৰ নিৰ্বাচনত বিজেপি প্রাৰ্থিত্ব প্রত্যাশীৰ ভিৰ। পশ্চিম কাৰ্বি আংলঙৰ ৯টা সমষ্টিৰ বাবে প্রাৰ্থিত্বৰ দাবীদাৰৰ সংখ্যা ৯৬জন। দলীয় প্রাৰ্থী বাছনিৰ বাবে উপস্থিত নিৰ্বাচনী পৰ্যবেক্ষক।

Leave a Reply

Your email address will not be published. Required fields are marked *