অসমঅসমীয়া

গুৱাহাটীত এন চি চি কেডেটৰে কেন্দ্ৰীয় প্ৰতিৰক্ষা ৰাজ্যমন্ত্ৰী অজয় ভাটৰ মত বিনিময়

নিউজ ডেস্ক। দুদিনীয়া ভ্ৰমণসূচীৰে ১৯ মে’ত গুৱাহাটীত আহি উপস্থিত হোৱা কেন্দ্ৰীয় প্ৰতিৰক্ষা ৰাজ্য মন্ত্ৰী অজয় ভাটে আজি পুৱা নাৰেঙ্গী সেনা চাউনী চৌহদৰ ব্ৰহ্মপুত্ৰ হলত ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ ( এন চি চি ) কেডেট সকলৰ সৈতে এক মত বিনিময় অনুষ্ঠানত ভাগ লয়।

এন চি চিৰ উত্তৰ পূব মণ্ডলৰ অতিৰিক্ত সঞ্চালক প্ৰধান মেজৰ জেনেৰেল ভাস্কৰ কলিতাৰ আদৰণি ভাষণৰে শুভাৰম্ভ হোৱা অনুষ্ঠানত প্ৰতিৰক্ষা ৰাজ্য মন্ত্ৰী অজয় ভাটে এন চি চি কেডেট সকলৰ উজ্বল ভৱিষ্যত কামনা কৰি ভাৰতক বিশ্বগুৰুৰ পৰ্যায়লৈ নিবলৈ হ’লে এইক্ষেত্ৰত এন চি চি কেডেট সকলৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে বুলি সদৰি কৰে।

20 05 22 Guwahati Minister of State for Defence Ajay Bhatt interaction with NCC Cadres 2
BY UB Photos

মন্ত্ৰী ভাটে কয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও নিজকে এজন এন চি চি কেডেট বুলি সদায় গৌৰৱ কৰি আহিছে। আনকি অসমকে ধৰি উত্তৰ পূবত এন চি চিক শক্তিশালী ৰূপত গঢ় দিবৰ বাবে প্ৰধানমন্ত্ৰীৰ নিৰ্দেশত সীমান্তৱৰ্তী অঞ্চলত থকা শিক্ষানুষ্ঠান সমূহত এন চি চিক অন্তৰ্ভুক্ত কৰি অহা হৈছে বুলি মন্ত্ৰী অজয় ভাটে ব্যক্ত কৰে।

20 05 22 Guwahati Minister of State for Defence Ajay Bhatt interaction with NCC Cadres 1
UB Photos

অনুষ্ঠানত মেজৰ জেনেৰেল ভাস্কৰ কলিতাই অসমসহ উত্তৰ পূবৰ ৰাজ্য কেইখনত এন চি চিৰ শেহতীয়া স্থিতি আদিৰ ওপৰত মন্ত্ৰী ভাটক বাখ্যা দাঙি ধৰে।

p2 8

আনহাতে আৰম্ভণিতে বিহু নৃত্যৰে আদৰণি জনোৱাৰ পাছত মন্ত্ৰী অজয় ভাটে কেডেট সকলৰ অভিবাদন গ্ৰহণ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *