অসম

AIUDFক দিবলৈ ১.৬ কোটি টকা ক’ত পালে ৰিপুণ বৰাই? প্ৰশ্ন মন্ত্ৰী পীযুষ হাজৰিকাৰ…

AIUDFক দিবলৈ ১ কোটি ৬০ লাখ টকা ক’ত পালে ৰিপুণ বৰাই? সাংবাদিকৰ সন্মুখত এই প্ৰশ্ন মন্ত্ৰী পীযুষ হাজৰিকাৰ।

ৰাজ্যসভা নিৰ্বাচনত কংগ্ৰেছৰ প্ৰাৰ্থী ৰিপুণ বৰাৰ পৰাজয়ৰ পিছতে মহাবিস্ফোৰণ ঘটাইছিল প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি কমলাক্ষ দে পুৰকায়স্থই।

ভোট দিয়াৰা নামত AIUDF-এ ৰিপুণ বৰাৰ পৰা ১.৬ কোটি টকা বুলি পুৰকায়স্থই দাবী কৰাৰ পিছতে ৰাজ্যৰ ৰাজনীতিত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।

এই সন্দৰ্ভত দেওবাৰে মন্ত্ৰী পীযুষ হাজৰিকাইও প্ৰতিক্ৰিয়া ব্যক্ত কৰে। তেওঁ কয় যে ঘোচ দিয়া আৰু লোৱা দুয়োটাই অপৰাধ।

AIUDFক দিয়া ১.৬ কোটি টকা ক’লা নে বগা ধন আছিল, তাৰ তদন্ত হব লাগিব বুলিও মন্তব্য কৰে পীযুষ হাজৰিকাই। তেওঁ লগতে কয় যে ৰিপুণ বৰাই ইমান টকা ক’ত পালে, তাৰো তদন্ত হব লাগিব।

উল্লেখ্য যে, কমলাক্ষ পুৰকায়স্থই এই দাবীও উত্থাপন কৰিছিল যে এআইইউডিএফক অধিক টকা দি বিধায়ক ক্ৰয় কৰিছিল বিজেপিয়ে।

পুৰকায়স্থৰ এই দাবী সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি মন্ত্ৰী পীযুষ হাজৰিকাই কয় যে বিজেপিৰ কাম কাজত ভাল পাই, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ওপৰত আস্থা ৰাখি শুভকাংক্ষী সকলে বিজেপি প্ৰাৰ্থীক ভোট দিছে। তেওঁ কয় যে বিজেপিয়ে টকা দি ভোট লোৱা নাই।

কংগ্ৰেছে যে টকা দি ভোট ক্ৰয় কৰে, কংগ্ৰেছ যে দুৰ্নীতিগ্ৰস্ত, ইয়াতকৈ আৰু ডাঙৰ প্ৰমাণ নালাগে বুলি মন্তব্য কৰে মন্ত্ৰী পীযুষ হাজৰিকাই।

Leave a Reply

Your email address will not be published. Required fields are marked *