অসম

দৃষ্টিহীন সকলক এতিয়া আৰু নালাগে হাতৰ লাখুটি ডাল, অংকুৰিতে সাজি উলিয়াইছে এযোৰ স্মাৰ্ট জোতা…

যিসকলে চকুৰে নেদেখে, তেওঁলোকৰ বাবে সঁচাকৈয়ে জীৱন অতি দুৰ্বিসহ হৈ পৰে। বিশেষকৈ ক’ৰবালৈ ওলাই যোৱাৰ পৰত তেওঁলোকৰ বাবে হাতৰ লাখুটিডালেই হৈ পৰে শেষ ভৰষা। সন্মুখৰ বাট চিনাক্ত কৰি, সকলো বাধা আঁতৰাই এখোজ এখোজকৈ আগবাঢ়িবলগীয়া হয় তেওঁলোকে।

কিন্তু দৃষ্টিহীন সকলৰ এই সমস্যাৰ সমাধান হিচাপে কৰিমগঞ্জৰ এজন নৱম শ্ৰেণীৰ ছাত্ৰই সাজি উলিওৱা এক বিশেষ স্মাৰ্ট গেজেটে এতিয়া বহুতৰে মনত আশাৰ সঞ্চাৰ কৰিছে। অংকুৰিত কৰ্মকাৰ নামৰ কিশোৰ জনৰ এই আৱিস্কাৰে নিঃসন্দেহে এদিন দৃষ্টিহীন সকলৰ হাতৰ পৰা লাখুটিডাল দূৰ কৰিবলৈ সক্ষম হব বুলি মন্তব্য কৰিছে অনেকে।

কৰিমগঞ্জৰ সুভাষ নগৰৰ বাসিন্দা তথা ৰোৱলেণ্ডছ মেম’ৰিয়েল হাইস্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰ অংকুৰিত কৰ্মকাৰৰ ন ন আৱিস্কাৰৰ প্ৰতি ৰাপ আগৰে পৰাই। ইতিমধ্যে নিত্য নৈমিত্তিক কামত ব্যৱহাৰ কৰিব পৰাকৈ ঘৰতে কেইবাটাও স্মাৰ্ট গেজেট নিৰ্মাণ কৰা অংকুৰিতৰ শেহতীয়া আৱিস্কাৰ হৈছে স্মাৰ্ট শ্বু গেজেট।

মাত্ৰ ২০০০ টকা ব্যয়েৰে পিতৃৰ মোবাইল ফোনত ইউটিউবৰ ভিডিঅ’ চাই অংকুৰিতে নিৰ্মাণ কৰি উলিয়াইছে স্মাৰ্ট শ্বু গেজেট। অংকুৰিতৰ দাবী- এই স্মাৰ্ট শ্বু পৰিধান কৰিলে চকুৰে নেদেখা ব্যক্তি এজনে খুব সহজে তেওঁৰ সন্মুখৰ যিকোনো ব্যক্তি চিনাক্ত কৰিব পাৰিব আৰু সেই অনুসৰি সন্মুখলৈ খোজ ল’ব পাৰিব। এক কথাত ক’বলৈ গ’লে এই স্মাৰ্ট শ্বু পৰিধান কৰিলে তেওঁলোকক হাতৰ লাখুটিডালৰ প্ৰয়োজন নহ’ব।

অংকুৰিতে জানিবলৈ দিয়া মতে, এই স্মাৰ্ট জোতাযোৰৰ এপাত জোতাত চেনছৰ লগোৱা হৈছে। এই জোতা পৰিধান কৰি খোজকাঢ়ি গৈ থকাৰ সময়ত ব্যক্তিজনৰ সন্মুুখত যদি ৱাল, চিৰি বা তেনে ধৰণৰ বস্তু থাকে, তেন্তে নিজে নিজে এক সংকেত ধ্বনি প্ৰদান কৰে। যাৰ ফলত ব্যক্তিজনে আনখন জোতাৰে খেপিয়াই সন্মুখৰ বস্তুটো চিনাক্ত কৰিব পাৰিব আৰু সন্মুখলৈ আগবাঢ়িব পাৰিব।

দৃষ্টিহীন সকলৰ সহায় হোৱাকৈ অংকুৰিত কৰ্মকাৰে নিৰ্মাণ কৰি উলিওৱা এই স্মাৰ্ট জোতাযোৰ ভৱিষ্যতে যথেষ্ট সহায়ক হোৱাৰ সম্ভাৱনা আছে। আনহাতে অংকুৰিতে জানিবলৈ দিয়া মতে, প্ৰথমাৱস্থাত এই জোতাযোৰ সাজি উলিয়াবলৈ তেওঁৰ ২০০০ টকা খৰছ হ’লেও পৰ্যায়ক্ৰমে ইয়াৰ ব্যয় হ্ৰাস কৰিব পৰা যাব।

Leave a Reply

Your email address will not be published. Required fields are marked *