অসমীয়া ভাষাক অপমানঃ বিধায়ক ছিৰাজউদ্দিন আজমলৰ বিৰুদ্ধে থানাত গোচৰ ৰুজু কংগ্ৰেছৰ…

অসমীয়া ভাষাক তুচ্ছ-তাচ্ছিল্য কৰা AIUDFৰ বিধায়ক ছিৰাজউদ্দিন আজমলৰ বিৰুদ্ধে গোচৰ ৰুজু কংগ্ৰেছ দলৰ।

লখিমপুৰ বিহপুৰীয়া ব্লক কংগ্ৰেছৰ এটা দলে বিহপুৰীয়া আৰক্ষী থানাত বিধায়ক আজমলৰ বিৰুদ্ধে গোচৰ দিয়ে।

শীঘ্ৰে AIUDFৰ বিধায়কজনৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে কংগ্ৰেছ দলে।

উল্লেখ্য যে ৰাজ্যসভাৰ নিৰ্বাচনৰ দিনটোত অৰ্থাত ৩১ মাৰ্চত ছিৰাজউদ্দিন আজমলে সংবাদ মাধ্যমৰ আগত অসমীয়া ভাষাক চূড়ান্ত অপমান কৰি বিতৰ্কিত মন্তব্য কৰিছিল।

অসমীয়া ভাষাক বাহিৰত কোনো জানে বুলিও তাচ্ছিল্য কৰিছিল অসমৰে বিধায়কগৰাকীয়ে।

বিধানসভাৰ চৌহদত তেওঁ কৈছিল- ‘মই অসমীয়াত নকও, আমি ইণ্টাৰনেচনেল মানুহ। মোক দুনীয়াৰ মানুহে জানে, ইংৰাজীত নকলে মানুহে বুজি নাপায়।

ইয়াৰ পিছতে ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ।

ৰাজ্যজুৰি বিতৰ্কৰ সৃষ্টি হোৱাৰ পিছত ২ এপ্ৰিলত বিধায়কজনে এটা ভিডিঅ’ৰ জৰিয়তে ইংৰাজী ভাষাতেই অসমবাসীৰ ওচৰত ক্ষমা বিচাৰি সেয়া উদ্দেশ্য প্ৰণোদিত নাছিল বুলি মন্তব্য কৰে।

তেওঁ কয়- ‘মই অসমীয়া ভাষাক অপমান কৰা নাই। মই অসমীয়া ভাষা শিকি আছো, ভালকৈ ক’ব পৰা হোৱালৈকে অলপ সময় লাগিব। এই কাৰ্যকালৰ ভিতৰতে মই অসমীয়া ভাষা শিকিম।’

লগতে সমূহ অসমবাসীকে তেওঁক ক্ষমা কৰি দিবলৈও আহ্বান জনায়।

Leave a Comment