নিউজ ডেস্ক। টকিঅ’ অলিম্পিকত পদক জয়েৰে দেশবাসীক গৌৰৱান্বিত কৰা মণিপুৰৰ মীৰাবাঈ চানু আৰু অসমৰ লাভলীনা বৰগােহাঁইৰ লগতে আন সকলাে খেলুৱৈলে নগদ ধনৰ উপহাৰ প্ৰদান কৰিব উত্তৰ প্ৰদেশ চৰকাৰে।
জানিব পৰা মতে, অলিম্পিক পদক বিজয়ী প্ৰতি গৰাকীক কোটি টকাৰ পুৰস্কাৰ দিব উত্তৰ প্ৰদেশ চৰকাৰে।
সোণৰ পদক বিজয়ীক ২ কোটি, ৰূপৰ পদক বিজয়ীক ১.৫ কোটি আৰু ব্ৰঞ্জৰ পদক বিজয়ীক ১ কোটি টকাৰ পুৰস্কাৰ প্ৰদান কৰিব চৰকাৰে।
সেই অনুসৰি অসমৰ প্ৰথমগৰাকী অলিম্পিক পদক বিজয়ী লাভলীনা বৰগোঁহাইক ১ কোটি টকাৰ পুৰস্কাৰ প্ৰদান কৰিব উত্তৰ-প্ৰদেশ চৰকাৰে।
ইয়াৰোপৰি অলিম্পিকত স্বৰ্ণ পদক বিজয়ী নীৰজ চোপ্ৰাক দিব ২ কোটি টকা, ৰূপৰ পদক বিজয়ী মীৰাবাঈ আৰু ৰবি দাহিয়াক ১.৫০ কোটি টকা আৰু ব্ৰঞ্জ পদক বিজয়ী ৪গৰাকী খেলুৱৈক দিব ১ কোটিকৈ টকা৷ অহা ১৯ আগষ্টত আনুষ্ঠানিকভাৱে এই পুৰস্কাৰ প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে চৰকাৰখনে।









