T20 বিশ্বকাপৰ সময়সূচী ঘোষণা, ৫ বছৰৰ মূৰত ভাৰত-পাকিস্তান মুখামুখি হ’ব ২৪ অক্টোবৰত

নিউজ ডেস্ক। আন্তৰ্জাতিক ক্ৰিকেট পৰিষদে (আইচিচি) এই বছৰৰ টি-২০ বিশ্বকাপৰ সময়সূচী ঘোষণা কৰে।

২০০৭ চনৰ টি-২০ চেম্পিয়ন ভাৰতীয় দলে ২৪ অক্টোবৰৰ পৰা বিশ্বকাপত নিজৰ অভিযান আৰম্ভ কৰিব।

দলটোৰ প্ৰথমখন মেচ চিৰপ্ৰতিদ্বন্দী পাকিস্তানৰ বিৰুদ্ধে খেলিব। টি-২০ প্ৰতিযোগিতাখনৰ প্ৰথমখন খেল ১৭ অক্টোবৰত ওমান আৰু পাপুয়া নিউ গিনিৰ মাজত অনুষ্ঠিত হ’ব।

ফাইনেল খেলখন ১৪ নৱেম্বৰত অনুষ্ঠিত হ’ব।

আইচিচিয়ে মংগলবাৰে টি-২০ বিশ্বকাপৰ বাবে গ্ৰুপ সমূহ ঘোষণা কৰে। ওমানত খেলিবলগীয়া ৰাউণ্ডত ৮ টা দলে চুপাৰ-১২ত প্ৰৱেশ কৰিবলৈ খেলিব।

এই গ্ৰুপত ২০১৪ চনৰ টি-২০ বিজয়ী শ্ৰীলংকাৰ উপৰিও আয়াৰলেণ্ড আৰু বাংলাদেশৰ দৰে দলৰ নাম অন্তৰ্ভুক্ত আছে।

আইচিচিয়ে ঘোষণা কৰা অনুসৰি ১৭ অক্টোবৰৰ পৰা ১৪ নৱেম্বৰলৈ অনুষ্ঠিত হ’ব এইবাৰৰ বিশ্বকাপ ক্ৰিকেট।

কোৱালিফায়িং ৰাউণ্ডত মুঠ ৪৫ খন খেল অনুষ্ঠিত হ’ব। ইয়াৰ ভিতৰত কোৱালিফায়াৰ ৰাউণ্ডত ১২ খন মেচ আৰু চুপাৰ-১২ ৰাউণ্ডত ৩০ খন মেচ খেলা হ’ব। ইয়াৰোপৰি ছেমি ফাইনেল আৰু ফাইনেল খেল অনুষ্ঠিত হ’ব।

উল্লেখ্য যে ভাৰত আৰু পাকিস্তানৰ মাজত অন্তিমখন মেচ খেলা হৈছিল ২০১৬ চনত। যিখন খেল টি-২০ বিশ্বকাপ খেল আছিল। দুয়োটা দলে টি-২০ বিশ্বকাপত ৫ বাৰ মুখামুখি হৈছে। এই সকলো খেলতে ভাৰতে পাকিস্তানক পৰাজিত কৰিছে।

সামগ্ৰিক টি-২০ ত ভাৰত আৰু পাকিস্তানে ৮ খন মেচ খেলিছে। ইয়াৰে টীম ইণ্ডিয়াই ৭ খন মেচত জয়ী হোৱাৰ বিপৰীতে পাকিস্তানে মাত্ৰ ১ খন মেচতহে জয়ী হৈছে।

এখন খন মেচ ড্ৰ’ হোৱাৰ বাবে ভাৰতে বলআউটত জয়ী হৈছিল।

Leave a Comment