অসম

চৰ্তবিহীনভাৱে তৃণমূল কংগ্ৰেছত যোগদান কৰিছো, যি দায়িত্ব অৰ্পণ কৰিব মই পালন কৰিমঃ সুস্মিতা দেৱ…

বুধবাৰে কংগ্ৰেছ দল ত্যাগ কৰি আনুষ্ঠানিকভাৱে তৃণমূল কংগ্ৰেছত যোগদান কৰে সুস্মিতা দেৱে।

তাৰ পিছতেই আজি নতুন দিল্লীৰ তৃণমূল কংগ্ৰেছৰ কাৰ্যালয়ৰ পৰা সংবাদমেল সম্বোধন কৰে সদ্য কংগ্ৰেছ ত্যাগী সুস্মিতা দেৱে।

সংবাদমেলত মমতা বেনাৰ্জীৰ ভিজন আৰু কৰ্মই সুস্মিতা দেৱক অনুপ্ৰাণিত কৰিছে বুলি সদৰি কৰে।

মমতা বেনাৰ্জীৰ সৈতে কেৱল ৰাজনৈতিক সম্পৰ্ক নাই, মমতা বেনাৰ্জীৰ দীৰ্ঘ পাৰিবাৰিক সম্পৰ্ক থকাৰ কথা উল্লেখ কৰি চৰ্তবিহীনভাৱে তৃণমূল কংগ্ৰেছত যোগদান কৰিছো বুলি মন্তব্য কৰে দেৱে।

ইপিনে সংবাদমেলত সুস্মিতা দেৱে কংগ্ৰেছ দলৰ লগতে ছোনিয়া গান্ধীৰ ওচৰত সদায় কৃতজ্ঞ হৈ থাকিব বুলিও মন্তব্য কৰে।

তেওঁ কয়- ‘কংগ্ৰেছে মোক বহুত সুযোগ দিছে৷ যাৰ বাবে কংগ্ৰেছৰ ওচৰত, ছোনিয়া গান্ধীৰ ওচৰত মই সদায় কৃতজ্ঞ হৈ থাকিম। ভৱিষ্যতেও ছোনিয়া গান্ধীৰ আশীৰ্বাদ পায় থাকিম বুলি মই আশাবাদী।’

লগতে তেওঁ কয়- ‘মমতা বেনাৰ্জীৰ আদৰ্শই মোক অনুপ্ৰাণিত কৰিছে, তেখেতে মোক যি দায়িত্ব অৰ্পণ কৰিব মই আন্তৰিকতাৰে পালন কৰিম৷’

Leave a Reply

Your email address will not be published. Required fields are marked *