আজি দেশজুৰি উদযাপন কৰা হৈছে ৭৫ সংখ্যক স্বাধীনতা দিৱস।
ক’ভিড নীতি মানি উদযাপন কৰা হৈছে এইবাৰৰ স্বাধীনতা দিৱস।
দেশৰ ৰাজধানী নতুন দিল্লীত কেন্দ্রীয়ভাৱে উদযাপন হৈছে স্বাধীনতা দিৱস৷
অভেদ্য দুর্গত পৰিণত ৰাজধানী দিল্লীৰ ঐতিহাসিক লালকিল্লাত ত্রিৰংগা উত্তোলন কৰে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷
কেইবাতৰপীয়া নিৰাপত্তাৰ মাজত আজি প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে পুৱা জাতীয় পতাকা উত্তোলনৰ পাছত দেশবাসীক সম্বোধন কৰে৷
We will push ourselves strongly to reach the world: Listen to what PM @narendramodi has to say about India’s #Agriculture sector | PM’s Address on 75th #IndiaIndependenceDay #IndiaAt75 @PMOIndia pic.twitter.com/kaLQ2ghiGd
— DD News (@DDNewslive) August 15, 2021
এইবেলি স্বাধীনতা দিৱসৰ কার্যসূচীত বিশেষ অতিথি হিচাপে অংশগ্রহণ কৰিছে অলিম্পিক পদক বিজয়ী ভাৰতীয় খেলুৱৈসকলে৷
দেশবাসীক সম্বোধন কৰি সকলোকে স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন প্ৰধানমন্ত্ৰীগৰাকীৰ।
তেওঁ কয়- মহামাৰীৰ বিৰুদ্ধে সাহসেৰে যুজিছে দেশে।
প্ৰতিজন নাগৰিকৰ সম অধিকাৰৰ প্ৰতিজ্ঞা প্ৰধানমন্ত্ৰীগৰাকীৰ।
উত্তৰ পূবৰ সামগ্ৰিক বিকাশৰ ওপৰত গুৰুত্ব দিয়াৰ কথাও উল্লেখ কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে।
75th Independence Day: PM Narendra Modi unfurls the Tricolour at Red Fort | India Independence Day 2021 LIVE Updates – https://t.co/pFUrcCYAJ3 pic.twitter.com/Ydzwjk3cDB
— Economic Times (@EconomicTimes) August 15, 2021









