অলিম্পিকত নিৰাশাজনক প্ৰদৰ্শন কৰা মহিলা মল্লযোদ্ধা বিনেশ ফৌগাটক অস্থায়ীভাৱে নিলম্বন…

অলিম্পিকত নিৰাশাজনক প্ৰদৰ্শন কৰা মহিলা মল্লযোদ্ধা বিনেশ ফৌগাটক অস্থায়ীভাৱে নিলম্বন।

টকিঅ’ অলিম্পিকৰ সময়ত অনুশাসন ভংগৰ বাবে ৰেষ্টলিং ফেডাৰেচন অফ ইণ্ডিয়াই (ডব্লিউ এফ আই) মল্লযোদ্ধাগৰাকীক নিলম্বন কৰিছে।

জানিব পৰা মতে, অলিম্পিকত কোৱাৰ্টাৰ ফাইনেলত পৰাস্ত হোৱা বিনেশ ফৌগাটক জাননী প্ৰেৰণ কৰি ১৬ আগষ্টৰ ভিতৰত উত্তৰ দিবলৈ সময় বান্ধি দিয়া হৈছে।

এই জাননীত উল্লেখ কৰা হৈছে অনুশাসন উলংঘাৰ তিনিটা বিষয়।

প্ৰথমটো হ’ল অলিম্পিক ভিলেজত তেওঁ দলৰ সদস্যসকলৰ সৈতে থাকিবলৈ অস্বীকাৰ কৰিছিল। দ্বিতীয়তে, তেওঁ সতীৰ্থ খেলুৱৈৰ সৈতে প্ৰশিক্ষণ লোৱা নাছিল আৰু তৃতীয়তে তেওঁ ভাৰতীয় দলক পৃষ্ঠপোষকতা কৰা ব্ৰেণ্ডৰ পৰিৱৰ্তে নাইকিৰ জাৰ্চী পিন্ধিছিল।

ফেডাৰেশ্যনৰ সিদ্ধান্ত অনুসৰি যেতিয়ালৈকে তেওঁ এই তিনিটা প্ৰশ্নৰ উত্তৰ নিদিয়ে তেতিয়ালৈকে কোনো ৰাষ্ট্ৰীয় বা আন ঘৰুৱা প্ৰতিযোগিতাত প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰে।

Leave a Comment