ব’হাগৰ বতৰত দুঃখবৰ! বিহু গাই ওভতাৰ পথতে মৃত্যুক সাৱটিলে নাচনী নিশামণিয়ে

তামুলপুৰঃ ব’হাগৰ উছাহৰ মাজত বিহু গাই ওভতাৰ বাটতে নিশা এক মৰ্মান্তিক পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে এগৰাকী নাচনীয়ে।

image 37
ব’হাগৰ বতৰত দুঃখবৰ! বিহু গাই ওভতাৰ পথতে মৃত্যুক সাৱটিলে নাচনী নিশামণিয়ে 6

তামুলপুৰ-নাগ্ৰীজুলী পথৰ নোৱাখাটত সংঘটিত এই শোকাবহ ঘটনাত নলবাৰীৰ হাৰিভাঙাৰ ‘ভাস্কৰজ্যোতি বিহু হুঁচৰি দল’ৰ নিশামণি হালৈ নামৰ ২৫ বছৰীয়া যুৱতীগৰাকীৰ থিতাতে মৃত্যু ঘটে।

image 38
ব’হাগৰ বতৰত দুঃখবৰ! বিহু গাই ওভতাৰ পথতে মৃত্যুক সাৱটিলে নাচনী নিশামণিয়ে 7

বিহু পৰিৱেশন কৰি ঘূৰি অহাৰ সময়তে বিহুৱা-বিহুৱতীৰ দলটো কঢ়িয়াই নিয়া ট্ৰেভেলাৰখনৰ সৈতে এখন ট্ৰাকৰ মুখামুখি সংঘৰ্ষ হোৱাৰ ফলতে এই কৰুণ দুৰ্ঘটনাটো সংঘটিত হয়।

image 6
ব’হাগৰ বতৰত দুঃখবৰ! বিহু গাই ওভতাৰ পথতে মৃত্যুক সাৱটিলে নাচনী নিশামণিয়ে 8

ইফালে, এই দুৰ্ঘটনাত দলটোৰ আন ১১ গৰাকী বিহুৱা-বিহুৱতী গুৰুতৰভাৱে আহত হয়। আহতসকলৰ ভিতৰত পাঁচজনৰ অৱস্থা অতি সংকটজনক হোৱাৰ বাবে তেওঁলোকক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে।

image 39
ব’হাগৰ বতৰত দুঃখবৰ! বিহু গাই ওভতাৰ পথতে মৃত্যুক সাৱটিলে নাচনী নিশামণিয়ে 9

মৃত নিশামণি হালৈ নাওকাটাৰ নিজজাৰগাঁও নিবাসী ৰমেন হালৈৰ জীয়ৰী আছিল। এগৰাকী প্ৰতিভাসম্পন্ন সংস্কৃতিৱান যুৱতী হিচাপে পৰিচিত নিশামণিয়ে নাগাৰা নামৰ পাঠিকা হিচাপেও অঞ্চলটোত জনপ্ৰিয়তা অৰ্জন কৰিছিল।

image 40
ব’হাগৰ বতৰত দুঃখবৰ! বিহু গাই ওভতাৰ পথতে মৃত্যুক সাৱটিলে নাচনী নিশামণিয়ে 10

বিহুৰ আনন্দৰ মাজতে সংঘটিত এই মৰ্মান্তিক ঘটনাই সমগ্ৰ ৰাজ্যজুৰি শোকৰ ছাঁ পেলাইছে। বিহু হুঁচৰি দলটোৰ ট্ৰেভেলাৰখন ট্ৰেইলাৰৰ সৈতে সংঘৰ্ষ হোৱাৰ পাছতে ঘটনাস্থলীত এক অবৰ্ণনীয় পৰিৱেশৰ সৃষ্টি হয়। এগৰাকী উদীয়মান শিল্পীৰ এনে অকাল মৃত্যুত এতিয়া ম্ৰিয়মাণ হৈ পৰিছে অঞ্চলটোৰ সাংস্কৃতিক মহল। আৰক্ষীয়ে ইতিমধ্যে দুৰ্ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে আৰু দুয়োখন বাহন জব্দ কৰিছে।

Leave a Comment