দিল্লী নহয়, ৰাজধানীৰ নাম ‘ইন্দ্ৰপ্ৰস্থ’ কৰাৰ দাবী; বিধানসভাত সৰৱ বিজেপি বিধায়িকা

নিউজ ডেস্কঃ দিল্লী বিধানসভাৰ বাজেট অধিৱেশনত উত্থাপন হ’ল দেশৰ ৰাজধানীৰ নাম সলনিৰ এক বিশেষ দাবী। শুকুৰবাৰে সদনৰ মজিয়াত বিজেপি বিধায়িকা পুনম শৰ্মাই দিল্লীৰ নাম ‘ইন্দ্ৰপ্ৰস্থ’ ৰখাৰ দাবী কৰি দিল্লীক নিজৰ শিপাৰ সৈতে সংযোগ কৰিবলৈ পৰামৰ্শ আগবঢ়ায়। তেওঁ লগতে মুখ্যমন্ত্ৰী ৰেখা গুপ্তাক এই সন্দৰ্ভত এক প্ৰস্তাৱ গ্ৰহণ কৰি কেন্দ্ৰীয় চৰকাৰৰ অনুমোদনৰ বাবে প্ৰেৰণ কৰিবলৈকো আহ্বান জনায়।

image 56
দিল্লী নহয়, ৰাজধানীৰ নাম 'ইন্দ্ৰপ্ৰস্থ’ কৰাৰ দাবী; বিধানসভাত সৰৱ বিজেপি বিধায়িকা 3

বিজেপি বিধায়িকাগৰাকীৰ মতে, ৰাষ্ট্ৰীয় ৰাজধানীৰ এই নামাকৰণ দেশৰ ‘সাংস্কৃতিক নৱজাগৰণ’ৰ এক গুৰুত্বপূৰ্ণ অধ্যায় হিচাপে বিবেচিত হ’ব। ইয়াৰ পূৰ্বে চান্দনী চকৰ বিজেপি সাংসদ প্ৰবীণ খাণ্ডেলৱালেও একেটা দাবী উত্থাপন কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহলৈ পত্ৰ প্ৰেৰণ কৰিছিল। মহাভাৰতৰ যুগৰ পৰাই দিল্লীৰ এক গৌৰৱময় ইতিহাস আছে বুলি উল্লেখ কৰি শৰ্মাই কয় যে ইয়াৰ পূৰ্বৰ নাম ইন্দ্ৰপ্ৰস্থ থকাৰ বহু ঐতিহাসিক আৰু সাংস্কৃতিক প্ৰমাণ মজুত আছে।

image 55
দিল্লী নহয়, ৰাজধানীৰ নাম 'ইন্দ্ৰপ্ৰস্থ’ কৰাৰ দাবী; বিধানসভাত সৰৱ বিজেপি বিধায়িকা 4

ইন্দ্ৰপ্ৰস্থ নামটোৱে ভাৰতবৰ্ষ ‘সোণৰ চৰাই’ হিচাপে পৰিচিত হোৱা সেই স্বৰ্ণিল যুগৰ কথা মনত পেলাই দিয়ে বুলিও বিধায়িকাগৰাকীয়ে সদনত মত প্ৰকাশ কৰে। তেওঁ লগতে জোৰ দি কয় যে চৰকাৰে দিল্লীৰ আধুনিক আন্তঃগাঁথনিৰ লগতে ইয়াক সনাতন ধৰ্মৰ গৌৰৱৰ সৈতে সংযুক্ত কৰাটো গুৰুত্বপূৰ্ণ। বৰ্তমানৰ চৰকাৰে এই ঐতিহাসিক গৰিমা পুনৰুদ্ধাৰৰ দিশত পদক্ষেপ লোৱা উচিত বুলিও তেওঁ মন্তব্য কৰে।

Leave a Comment