ছুটি দিবলৈ অস্বীকাৰ কৰিছিল বেংক মেনেজাৰে! খঙৰ ভমকতে ছিকিউৰিটি গাৰ্ডে সংঘটিত কৰিলে ভয়ংকৰ কাণ্ড

নিউজ ডেস্কঃ ছুটী বিচৰাত দিবলৈ অস্বীকাৰ কৰিছিল বেংক মেনেজাৰে। খঙৰ ভমকতে গুলীয়াই হত্যা কৰিলে ছিকিউৰিটি গাৰ্ডে। উত্তৰ প্ৰদেশৰ লোনী বৰ্ডাৰ থানা এলেকাৰ বলৰাম নগৰস্থিত পঞ্জাৱ এণ্ড সিন্ধ বেংকত সোমবাৰে সংঘটিত হৈছে এই চাঞ্চল্যকৰ হত্যাকাণ্ড। বিনা অনুমতিত ছুটী লোৱাৰ বাবে শাখা প্ৰবন্ধকগৰাকীয়ে ফোনযোগে কৰা তিৰস্কাৰ সহ্য কৰিব নোৱাৰি এই ভয়ংকৰ কাণ্ড সংঘটিত কৰে ছিকিউৰিটি গাৰ্ডজনে।

image 28
ছুটি দিবলৈ অস্বীকাৰ কৰিছিল বেংক মেনেজাৰে! খঙৰ ভমকতে ছিকিউৰিটি গাৰ্ডে সংঘটিত কৰিলে ভয়ংকৰ কাণ্ড 3

আৰক্ষীৰ সূত্ৰই জনোৱা অনুসৰি, বেংকটোত কৰ্মৰত ছিকিউৰিটি গাৰ্ড ৰবীন্দ্ৰই হুড্ডাই সোমবাৰে কোনো আগতীয়া খবৰ নিদিয়াকৈ কৰ্তব্যৰ পৰা আঁতৰি আছিল। ইয়াৰ পৰিপ্ৰেক্ষিতত শাখা প্ৰবন্ধক অভিষেক শৰ্মাই তেওঁক ফোনযোগে গালি-গালাজ কৰিছিল। ইয়াৰ পাছতে দিনৰ প্ৰায় ১:৩০ বজাত এজন বন্ধুৰ সৈতে বাইকেৰে বেংকত উপস্থিত হৈ ৰবীন্দ্ৰই নিজৰ বন্দুকৰে প্ৰবন্ধকগৰাকীক লক্ষ্য কৰি গুলীচালনা কৰে।

image 29
ছুটি দিবলৈ অস্বীকাৰ কৰিছিল বেংক মেনেজাৰে! খঙৰ ভমকতে ছিকিউৰিটি গাৰ্ডে সংঘটিত কৰিলে ভয়ংকৰ কাণ্ড 4

ইফালে, গুলীবিদ্ধ অভিষেক শৰ্মাক তৎক্ষণাত চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। ঘটনাৰ সময়ত বেংকৰ ভিতৰত প্ৰায় ৪০ জন গ্ৰাহক উপস্থিত আছিল যদিও অভিযুক্তই নিমিষতে তাৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয়। তদুপৰি আৰক্ষীয়ে ইতিমধ্যে সমগ্ৰ ঘটনাৰ চিচিটিভি ফুটেজ সংগ্ৰহ কৰি হত্যাকাৰীক কৰায়ত্ব কৰিবলৈ চাৰিটা বিশেষ দল গঠন কৰিছে।

Leave a Comment