ঘৰত অন্তঃসত্বা পত্নী আৰু তিনি কন্যাৰ সৈতে তেজৰ ফাকু! অৱশেষত জালত পৰিল পাষণ্ড পিতৃ

নিউজ ডেস্কঃ পৰিয়ালৰ চাৰিজনকৈ সদস্যক ডিঙি ৰেপি হত্যা কৰি পলায়ন কৰা এজন নৰপিশাচক অৱশেষত শনিবাৰে ৰাজস্থানৰ কিষাণগড়ৰ পৰা গ্ৰেপ্তাৰ কৰে দিল্লী আৰক্ষী। যোৱা বুধবাৰে দিল্লীৰ সময়পুৰ বদলি অঞ্চলত নিজৰেই পত্নী আৰু তিনিগৰাকী নাবালিকা কন্যাক এটা চোকা অস্ত্ৰৰে ডিঙি কাটি হত্যা কৰি পলাতক হৈ আছিল মুনচুন কেৱত নামৰ এই ব্যক্তিজন। আজাদপুৰ মণ্ডিত শাক-পাচলি বিক্ৰী কৰা মুনচুনৰ এই নৃশংস কাণ্ডই সমগ্ৰ দেশতে এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

বিহাৰৰ পাটনা জিলাৰ মূল নিবাসী এই পৰিয়ালটোৰ ২৭ বছৰীয়া অনিতা আৰু তেওঁৰ পাঁচ, চাৰি আৰু তিনি বছৰীয়া তিনিগৰাকী কন্যাৰ মৃতদেহ তেওঁলোকৰ বাসগৃহৰ মজিয়াতে তেজৰ মাজত লুতুৰি-পুতুৰি হৈ থকা অৱস্থাত উদ্ধাৰ হয়। ওচৰ-চুবুৰীয়াই এই ভয়ংকৰ দৃশ্য প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে। ফৰেনছিক বিশেষজ্ঞৰ দলে ঘটনাস্থলীৰ পৰা প্ৰয়োজনীয় প্ৰমাণ সংগ্ৰহ কৰাৰ পাছতে হত্যাকাৰী স্বামীক বিচাৰি দিল্লী আৰক্ষীৰ কেইবাটাও দলে অভিযান চলায়।

আৰক্ষীৰ অনুসন্ধানত মুনচুন কেৱতে ৰাজস্থানত আশ্ৰয় লৈ থকাৰ তথ্য লাভ কৰাৰ লগে লগে এটা বিশেষ দল প্ৰেৰণ কৰি তেওঁক কৰায়ত্ত কৰে। বৰ্তমান ধৃত হত্যাকাৰীজনক দিল্লীলৈ ওভতাই অনা হৈছে আৰু কি কাৰণত তেওঁ নিজৰ পত্নী-সন্তানক এনেদৰে প্ৰাণ ল’লে, সেই সন্দৰ্ভত অধিক জেৰা চলাই থকা হৈছে। আৰক্ষীয়ে জনোৱা মতে, মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আৰু জেৰাৰ পাছতহে এই হত্যাকাণ্ডৰ প্ৰকৃত ৰহস্য পোহৰলৈ আহিব।

Leave a Comment